Breaking

ত্ৰিপুৰাত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানৰ শৰীৰত কভিড-১৯

0 92

দেশৰ উত্তৰ পূবৰ ৰাজ্য ত্ৰিপুৰা পুনৰ সন্নিৱিষ্ট হ’ল ক’ৰ’ণা আক্ৰান্তৰ তালিকাত। দুগৰাকী সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানৰ শৰীৰত ধৰা পৰিল কভিড-১৯ৰ উপস্থিতি। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটাৰ যোগে সদৰি কৰে এই তথ্য।জোৱান দুজন ধলাই জিলাৰ জয়নগৰস্থিত ১৩৮ নং বেটেলিয়ানত নিয়োজিত আছিল। ইয়াৰে এজনৰ আছে ভ্ৰমণ বুৰঞ্জী আৰু আনজনৰ আছে যোগাযোগৰ বুৰঞ্জী৷ জানিব পাৰা মতে, এই যোগাযোগৰ বুৰঞ্জী (Contact History)ত পুনৰ অসমৰ সৈতে যোগাযোগ থকাৰ তথ্য পোহৰলৈ আহিছে। এগৰাকী জোৱান অসমৰ ডিব্ৰুগড়ৰ পৰা গৈছিল ত্ৰিপুৰাৰ জহৰনগৰ বেটেলিয়ান কেম্পলৈ৷ আনজন এইজনৰ সংস্পৰ্শত আহি সংক্ৰামিত হৈছিল। শুকুৰবাৰৰ নিশা আগৰতলাৰ জি বি হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছিল দুয়োজন জোৱানক৷ ইয়াৰ পূৰ্বে জ্বৰ থকাৰ কাৰণে ধলাই জিলা হাস্পতালত চিকিৎসা কৰোৱা হৈছিল৷ শনিবাৰে দুপৰীয়াৰ ভাগত জোৱান দুজনৰ পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ বুলি নিশ্চিত হয়৷

Leave A Reply