Breaking

ভাৰত-ভূটান সীমান্তবৰ্তী ৰাইজৰ সমাদৰ লাভ বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাতীৰ

0 1,257

বিটিআৰৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অতিকৈ পিছপৰা ননৈ ছেৰফাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিবলৈ সক্ষম হৈছিল সঞ্জীত তাতীয়ে। বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিয়েই বিজেপি, ইউপিপিএল আৰু গন সুৰক্ষা পাৰ্টিৰ‌ মিত্ৰতাৰ বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য পদ লাভ কৰে তাতীয়ে।বৰ্তমান কভিডৰ ভয়াবহ সময়ৰ মাজতে সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত নিজ হাতেৰে চেনিটাইজেচন কৰাৰ লগতে বিশেষ কৈ ছাহ কৰ্মী সকলৰ মাজত কভিডৰ ভয়াবহতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে নবাগত কাৰ্যবাহী সঞ্জীত তাতীয়ে। ইয়াৰ উপৰিও চৰকাৰৰ পৰা বৰ্তমান সময়ত কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি যথেষ্ট সংখ্যক মাক্স চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰা পৰিলক্ষিত হৈছে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে বৰ্তমান সময়ত কভিডৰ ভয়াবহতাৰ প্ৰতি ৰাইজ আগৰ তুলনাত যঠেষ্ট সজাগ আৰু সচেতন হৈছে। যদি এনেদৰে আৰু কিছু পৰিমাণে সজাগ হয় কভিডৰ সংক্ৰমণ নিশ্চিত ভাবে ৰোধ কৰিব পৰা যাব। আনফালে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অঞ্চল পাহাৰীয়া অঞ্চল য’ত প্ৰায়েই সংঘটিত হয় হাতি মানুহৰ সংঘাত, যাৰ ফলত বিশেষকৈ দুখিয়া দৰিদ্ৰ লোক সকলৰ বাসগৃহ বিনষ্ট হোৱাৰ লগতে বিনষ্ট কৰে খাদ্য সামগ্ৰী। তেনে ক্ষেত্ৰত যিকোনো সময়তে হাতি মানুহৰ সংঘাত ৰোধৰ বাবেও কাম কৰি থকাৰ লগতে হাতিৰ আক্ৰমণৰ সন্মুখীন হৈ বাসগৃহ আদি বিনষ্ট হোৱা ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় হোৱা পৰিলক্ষিত হৈছে নবাগত কাৰ্যবাহী সদস্য সঞ্জীত তাতীক।

Leave A Reply