Breaking

কোকৰাঝাৰত বিশাল অনুষ্ঠানৰে নতুন চৰকাৰৰ শপতগ্ৰহণ !

0 2,060

আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিত দাস, প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াই এক যৌথ সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে কয় –

‘‘তিনিওটা দলৰ পৰা প্ৰমোদ বড়োক নেতৃত্ব হিচাপে দায়িত্বভাৰ দিয়া হৈছে। বিটিআৰবাসীয়ে পৰিৱৰ্তন বিচাৰিছিল। বিটিচিত যাতে শান্তি আৰু প্ৰগতি সমানে হয়। শপত গ্ৰহণ সন্দৰ্ভত ৰাজ্যপালৰ লগত আলোচনা কৰিছো। ১৫ ডিচেম্বৰত শপত গ্ৰহণ হব পাৰে।’’

সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাই কয় –

‘‘বিপিএফৰ লগত ৰাজ্যিক পৰ্যায়ত ২১লৈ মিত্ৰতা থাকিব। ২১ৰ পিছত কি হ’ব এতিয়াও সিদ্ধান্ত লোৱা নাই। কিন্ত বিটিচিত বিপিএফৰ লগত মিত্ৰতা নাই।’’


সংবাদমেলত নৱ কুমাৰ শৰণীয়ায় কয় –

‘‘আমাৰ বিশ্বাস প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিবাসীয়ে যথেষ্ট সহযোগিতা পাব, উন্নয়ন হ’ব’’

নৱনিৰ্বাচিত চিইএম প্ৰমোদ বড়োৱে কয় –

‘‘আমি একত্ৰিত হৈ বিটিআৰবাসী ৰাইজৰ সেৱা কৰিবলৈ গৈ আছো। পূৰ্বে বিটিআৰবাসীয়ে বহুত কষ্ট পালে, এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে কটাব পাৰিব । আমি টীম হিচাপে কাম কৰিম।’’

আঙুৰলতাঃ একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰকীয়ে ৰাজনৈতিক নেত্ৰী হৈয়ো যেন পাহৰা নাই আগৰ সেই গন্ধৰ্ব বিদ্যা
ৰাগ ঐনিতমঃ জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে পৰিচালন সম্পাদক প্ৰাঞ্জল শৰ্মাৰ DB INTERVIEW
Leave A Reply