Breaking

গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত বি,টি,আৰ প্ৰধান প্ৰমোদ বড়ো৷

0 1,038

গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত বি,টি,আৰ প্ৰধান প্ৰমোদ বড়ো ।বিজেপিৰ সহযোগী দল ইউ,পি,পি,এলৰ অধ্যক্ষ গৰাকীয়ে গৰুখুটি কৃষি প্পকল্প ভ্ৰমণ কৰি প্ৰকল্পটোত চলি থকা কাম- কাজৰ বুজ লয়৷প্ৰকল্পটোত থকা বয়ন শিল্প কেন্দ্ৰটো পৰিদৰ্শন কৰি শিপিনীসকলৰ লগত মত বিনিময় কৰাৰ লগতে পৰিদৰ্শন কৰে গো-শালা৷ইয়াৰ পিচতে ঢলপুৰ শিৱধামত সেৱা লৈ প্ৰাচীন মন্দিৰৰ অলপতে উদ্ধাৰ হোৱা পুৰাতাত্বিক সমলসমুহ নিৰীক্ষণ কৰে৷

ঢলপুৰ শিৱধামে অতীত অসম আৰু ভাৰতৰ সমৃদ্ধিশালী সভ্যতা আৰু ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে বুলি মন্তব্য কৰে বি,টি,আৰ প্ৰধানগৰাকীয়ে৷ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প আৰু ঢলপুৰ শিৱধামৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপৰ প্ৰশংসা কৰে প্ৰমোদ বড়োৱে৷

Leave A Reply