Breaking

সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তীব্ৰ নিন্দা সদৌ বিটিআৰ গৰিয়া মৰিয়া ছাত্র সন্থাৰ

0 2,029

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ মাজমজিয়াত আৰক্ষীৰ দ্বাৰা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তীব্ৰ নিন্দা কৰিছে সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাই। উল্লেখযোগ্য যে সোমবাৰে বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেবনাথক বাসুগাঁও আৰক্ষী থানাৰ আৰক্ষী প্ৰদীপ সাহাই প্ৰহাৰ কৰা ঘটনাকলৈ বিটিচিৰ লগতে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া অব‍্যাহত আছে। আৰক্ষীজনে হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলাই অহাত সাংবাদিক জয়ন্ত দেৱনাথে কিয় হেলমেট পৰিধান নকৰাকৈ বাহন চলাইছে বুলি প্ৰশ্ন কৰাত আৰক্ষীজনে সাংবাদিক গৰাকীক নিৰ্মমভাৱে আক্ৰমণ কৰি আহত কৰিছিল ৷

ছাত্র সংগঠনটোৰ কাৰ্যকৰী সভাপতি ৰফিকুল ইছলাম আৰু সাধাৰণ সম্পাদক ৰিজুল হকে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ঘটনাটোক তীব্ৰ গৰিহণা দি কয় যে, সাংবাদিক গৰাকীয়ে হেলমেট নিপিন্ধাৰ বাবে প্ৰশ্ন কৰাটোৱে তেওঁৰ অপৰাধ হ’ল।গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে সাংবাদিক জয়ন্ত দেৱনাথক। ৰক্ষকেই যেতিয়া ভক্ষক হয়, তেতিয়া সমাজখন পৰিৱৰ্তন কৰিব কোনে? জনহিত জনসেৱাৰ্থে’ মূল মন্ত্ৰ আগত ৰাখি অসমৰ ৰাইজক নিৰাপত্তা প্ৰদান কৰাৰ মহান কামত ব্ৰতী থকা অসম আৰক্ষীৰ খাকী পোচাকত কালিমা সানিলে এইগৰাকী আৰক্ষীয়ে ৷

‘অসম আৰক্ষী’ অসমীয়া জনগণৰ নিৰাপত্তাৰ ভৰষা, আমাৰ সাহস তথা স্বাভিমান৷ তেওঁলোকৰ জীৱন দেশৰ বাবে সমৰ্পণ ৷ তেওঁলোকে নিজৰ পৰিয়ালৰ পৰা দূৰৈত থাকি আমাৰ মাজত আছে, সেইবাবে আমি নিজৰ পৰিয়ালৰ লগত সুৰক্ষিত আৰু শান্তিত আছোঁ৷  কিন্তু এনে মানসিকতাৰ আৰক্ষীয়ে এগৰাকী দায়িত্বশীল সাংবাদিকক অত‍্যাচাৰীভাৱে ৰাজহুৱা স্থানত অপদস্থ কৰাটো অত্যন্ত নিন্দনীয় আৰু গৰিহণাৰ পাত্ৰ। সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাই আৰক্ষীজনক অতিশীঘ্ৰে নিলম্বন কৰি আইনগত ব‍্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায়৷

Leave A Reply