Breaking

ইউপিপিএলৰ তিনি -গোৰ্খাৰ এজনক কেবিনেট মন্ত্ৰী সভাত অন্তৰ্ভূক্তিৰ দাবী বিটিআৰ গোৰ্খা সমাজৰ

0 2,053

বিটিআৰ  অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰি নতুন দিগন্তৰ সুচনা কৰিবলৈ  গঠিত  ইউপিপিএল নামৰ ৰাজনৈতিক দলে সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত জনসাধাৰণৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱাত উক্ত দলৰ সমৰ্থনকাৰী সংগঠন হিচাপে বিটিআৰ গোৰ্খা সমাজ নথৈ আনন্দিত হৈছে। ইউপিপিএলৰ ছয় গৰাকী বিজয়ী প্ৰাৰ্থীক উষ্ণ আদৰণি জনোৱাৰ উপৰিও অসমৰ ১২৬ টা সমষ্টিতেই বিজয়ী হোৱা বিভিন্ন দলৰ প্ৰাৰ্থী সকলক বিটিআৰ গোৰ্খা সমাজে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে বিটিআৰ অঞ্চলত ইউপিপিএল দলৰ নীতি আদৰ্শ আৰু লক্ষ্যৰ প্ৰতি আকৃষ্ট হৈ গোৰ্খা সমাজৰ আহ্বানক সন্মান জনাই বিটিআৰ অঞ্চলৰ সম্পূৰ্ণ গোৰ্খা জনসাধাৰণ ও সকলো জাতি-জনগোষ্ঠঠী এ ইউপিপিএল দলৰ পক্ষত ভোট প্ৰদান কৰাৰ বাবে সংগঠন টোৱে সকলো ৰাইজৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে। জনসাধাৰণৰ মাজত দৃষ্টি গোচৰ হোৱা অভাৱ অভিযোগৰ লগতে ৰাইজৰ মাজত দিয়া প্ৰতিশ্ৰুতি বোৰ চৰকাৰৰ লগত আলোচনা কৰি ক্ৰমান্বয়ে সমাধান কৰিবলৈ বিটিআৰ গোৰ্খা সমাজ বদ্ধপৰিকৰ।  অসম বিধানসভাত  নতুনকৈ গঠন হ’বলৈ যোৱা মন্ত্ৰী মণ্ডলত ইউপিপিএল দলৰ পৰা অতি কমেও তিনিজন বিধায়কক কেবিনেটত মন্ত্ৰিত্ব অন্তৰ্ভুক্ত কৰি বিটিআৰ শান্তি চুক্তিখনক ৰূপায়ন কৰাৰ বাট মুকলি কৰিবলৈ অসম ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস,  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা দেবৰ ওচৰত দাবী জনাইছে। লগতে গোৰ্খা জাতিৰ পৰা বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা দুজন গোৰ্খা বিধায়কৰ পৰা এজনক কেবিনেট মন্ত্ৰী হিচাবে অন্তৰ্ভূতি কৰিবলৈ  সংগঠনটোৱে দাবী জনাইছে। বিধান সভালৈ নিৰ্বাচিত হৈ যোৱা মিত্ৰজোঁটৰ বিধায়ক সকলে বিটিআৰকে ধৰি অসমত বসবাস কৰা গোৰ্খা সকলৰ এন আৰ চি, ভূমি, ডি- ভোটাৰ ,নিবনুৱা সমস্যা আৰু ভাষা সংস্কৃতিৰ সমস্যা সমাধান কৰিবলৈ বিধান সভাৰ মজিয়াত গঠনমূলক ভূমিকা পালন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে বিটিচি প্ৰধান  প্ৰমোদ বডোলৈ  বিটিআৰ বাসী গোৰ্খা সকলৰ সৰ্বাংগীন উন্নতিৰ বাবে যথোপযুক্ত আঁচনি গ্ৰহণ কৰি গোৰ্খা সম্প্ৰদায়ৰ একমাত্ৰ পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰীক বিটিচিৰ ই এম হিচাবে অন্তৰ্ভুক্ত কৰি বিটিচি বাসী গোৰ্খাসকলৰ সমস্যা সমাধান কৰিবলৈ ৪মেত  এক  বিবৃতিৰ যোগেদি আহ্বান জনাইছে বিটিআৰ সংগঠনটোৰ প্ৰধান সচিব দীপক নিৰোলাই।

Leave A Reply