Breaking

বুলডজাৰে শিলসাঁকোত খহালে প্ৰকাণ্ড অট্টালিকা; ‘শিলসাঁকো বিল’ হ’ব এক আটকধুনীয়া পৰ্যটনস্থলী

0 116

দেওবাৰে শিলসাঁকো বিলত উচ্ছেদ অভিযানৰ বাবে প্ৰস্তুতি চলোৱা প্ৰশাসনে আজি আৰম্ভ কৰিলে উচ্ছেদ। প্ৰশাসনৰ বুলডজাৰত খহি পৰিলে বৃহত্‍ অট্টালিকা। শিলসাঁকো বিলত নিৰ্মাণ হোৱা সকলো অবৈধ বাসগৃহ উচ্ছেদৰ পণ লোৱা প্ৰশাসনে যুদ্ধসদৃশ পৰিৱেশৰ মাজেৰে চলাই আছে উচ্ছেদ (Eviction drive at Silsako Beel by GMDA)।

আজি পুৱা ৯ বজাৰ পৰা উচ্ছেদ কাৰ্য চলাই৷ ইয়াৰ বাবে দহখন জেচিবি আৰু পাঁচখন ফকলেন্ড সাজু কৰা হ্য়।

ইতিমধ্যে পৰিৱেশ পৰ্যবেক্ষণ কৰিছে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই। ডেকাই প্ৰকাশ কৰা মতে, চৰকাৰে জিএমডিএ (Guwahati Metropolitan Development Authority) বিভাগৰ জৰিয়তে এই স্থানত নিৰ্মাণ কৰিব নতুন প্ৰজেক্ট। তিনি দিন ধৰি চলিব লগা এই উচ্ছেদ অভিযানৰ বাবে প্ৰায় ৩হাজাৰ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।

তথ্য মতে, শিলসাঁকো বিল (Silsako Beel) হ’ব এক আটকধুনীয়া পৰ্যটনস্থলী৷ যাৰ বাবে সম্পূৰ্ণ ৰূপে মুক্ত হ’ব লাগিব মহানগৰীৰ শিলসাঁকো বিল। বিলত এতিয়াও থাকি যোৱা অবৈধ বাসগৃহসমূহ প্ৰশাসনে এতিয়াৰে পৰা উচ্ছেদ কৰি যাব।

Leave A Reply