Breaking

খাৰুপেটীয়াত ২৫ লক্ষাধিক টকাৰ বাৰ্মিচ চুপাৰী জব্দ:তিনিজনক আটক ।

0 1,548

দৰঙত চলি থকা বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অবিৰত ভাবে অভিযান অব্যাহত ৰখা  দৰং আৰকীয়ে
খাৰুপেটীয়াত বৃহত পৰিমাণৰ  অবৈধ বাৰ্মিচ  চুপাৰী জব্দ কৰাৰ  লগতে আটক কৰে  তিনিজন ব্যবসায়ীক।এক গোপন খৱৰৰ  ভিত্তিত দৰঙৰ নৱ নিযুক্ত  আৰক্ষী অধীক্ষৰ  নিৰ্দেশ মৰ্মে  উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই খাৰুপেটীয়া আৰক্ষীৰ সহযোগত প্ৰথমতে খাৰুপেটীয়াৰ হস্পিটেল ৰোডৰ আব্দুল হাকিম নামৰ চুপাৰী ব্যবসায়ীজনৰ গুদামত অভিযান চলাই বহু পৰিমাণৰ বাৰ্মিজ চুপাৰি সহ আটক কৰে ব্যবসায়ী জনক।ব্যবসায়ী জনৰ স্বীকাৰোক্তিৰ ভিত্তিত  খাৰুপেটীয়াৰ জয়ন্তী নগৰ প্ৰকাশ সাহা আৰু গোপাল নগৰৰ শংকৰ সাহা নামৰ ব্যবসায়ী দুজনৰ গুদামত তালাচী চলায় অভিযানকাৰী  দলটোৱে । উক্ত অভিযানত সৰ্বমুঠ ৬ হেজাৰ ৬ শ ৩৫ কেজি বাৰ্মিচ  চুপাৰি জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা  চুপাৰী খিনিৰ বজাৰ মূল্য  পচিশ লক্ষাধিক টকা বুলি আৰক্ষীয়ে সদৰি কৰে ।এই সংক্ৰান্তত   খাৰুপেটীয়া  হস্পিটেল ৰোডৰ  আব্দুল হাকিম,জয়ন্তী নগৰৰ  প্ৰকাশ সাহা আৰু গোপাল নগৰৰ শংকৰ সাহাক  আটক কৰি  খাৰুপেটীয়া থানালৈ আনে ।ঘটনা সন্দৰ্ভত  খাৰুপেটীয়া থানাত  ২১৭/২১ নম্বৰত   গোচৰ ৰুজু কৰি   আৰক্ষীয়ে সোধপোচ  অব্যাহত ৰাখিছে  ।

Leave A Reply