Breaking

গোলাঘাটত পৰাগ কুমাৰ দাসৰ আৱক্ষ মূৰ্তি উন্মোচন…

0 1,060

অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ আদৰ্শস্বৰূপ জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ আজি ২৭ সংখ্যক মৃত্যু দিৱস ৷গোলাঘাট মিডিয়া ফ’ৰামৰ তৃতীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাটত পৰাগ কুমাৰ দাসৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই।পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে গোলাঘাটত পালন কৰে শ্বহীদ সাংবাদিকৰ মৃত্যু বাৰ্ষিকী ৷গোলাঘাটত প্ৰতিষ্ঠা কৰা হ’ল শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ আৱক্ষ মুৰ্তি৷গোলাঘাট মিডিয়া ফ’ৰামৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট পৌৰ কাৰ্যালয়ৰ সমুখত গোলাঘাট মিডিয়া ফ’ৰামৰ উদ্যোগত প্ৰতিষ্ঠা কৰা আৱক্ষ মূৰ্তি অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ হৈ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই।গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ লগতে গোলাঘাটবাসীয়ে সাংবাদিকগৰাকীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি গোলাঘাট পৌৰ সভাৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাত সভাপতিত্ব কৰে গোলাঘাট মিডিয়া ফ’ৰামৰ সভাপতি দ্বীপেন দত্তই।গোলাঘাট মিডিয়া ফ’ৰামৰ সমূহ সদস্যৰ লগতে জিলাখনৰ প্ৰতিটো অঞ্চলৰ সকলো সাংবাদিক উপস্থিত থাকি শ্বহীদ সাংবাদিকগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰে ৷

Leave A Reply