Breaking

এতিয়াৰে পৰা পাৰ্ক বা মেলালৈ যাব নোৱাৰিব কোনো যুৱতী মহিলা…

0 47

২০২২–ঘৰৰ ওচৰতে থকা পাৰ্কখন বা কাষতে বহা  মেলাখনলৈ কোনো যুৱতী মহিলা নোযোৱাকৈ থাকিব পাৰেনে? কিন্তু এতিয়াৰে পৰা পাৰ্ক বা মেলালৈ যাব নোৱাৰিব কোনো যুৱতী মহিলা।ইয়াকে লৈ এতিয়া ভীষণ অসন্তুষ্ট হৈছে মহিলা যুৱতী সকল। যুৱতী–মহিলাসকল পাৰ্ক বা মেলালৈ যোৱাত শেহতীয়াকৈ জাৰি কৰা হৈছে নিষেধাজ্ঞা।

নিষেধাজ্ঞা জাৰিৰ পাছতে গুজৰিগুমৰি উঠিছে মহিলা যুৱতীসকল। ঘটনা তালিবান শাসিত আফগানিস্তানৰ।যুৱতী মহিলা পাৰ্ক বা মেলালৈ যোৱাত এইবাৰ ফতোৱা জাৰি কৰিলে তালিবানী চৰকাৰে। আফগানিস্তানত সৰ্বত্ৰ হিজাব পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ পাছত আকৌ এই ফতোৱাই যেন ৰুদ্ধ কৰি পেলাইছে দেশখনৰ যুৱতী মহিলাসকলৰ জীৱন। ইয়াৰোপৰি দেশখনৰ মধ্য পৰ্যায়ৰ বিদ্যালয়সমূহ বন্ধ কৰি দিছে তালিবানে।

দেশখনৰ ৰাজধানী চহৰ কাবুলত যুৱতী মহিলা পাৰ্ক বা মেলালৈ যোৱাত নিষেধাজ্ঞাৰে ইতিমধ্যে ফতোৱা জাৰি কৰি দিছে তালিবান চৰকাৰে। আফগানিস্থানত কিশোৰী–যুৱতী যাতে ৰাস্তাত অকলে ঘূৰা পকা নকৰে তাৰ বাবে পূৰ্বতে নিষেধাজ্ঞা জাৰি কৰিছিল তালিবানে।পুৰুষ সংগী লগত থাকিলেও ইচ্ছা কৰিলেও যুৱতী মহিলা পাৰ্ক বা মেলাত সোমাব নোৱাৰিব । কাবুলৰ পাৰ্কসমূহত ইয়াক লৈ জাননী আঁৰিছে তালিবান চৰকাৰে।

তালিবান চৰকাৰৰ মুখপাত্ৰ মহম্মদ আকিফ চাদেক মহাজিৰে এই সম্পৰ্কত মন্তব্য কৰি কৈছে যে বিগত ১৫ মাহ ধৰি আফগানিস্তানত তালিবান চৰকাৰে শ্বৰিয়ৎ নিয়ম কানুন বলৱৎ কৰিছে।তথাপিও একাংশ অঞ্চলত তালিবানী শাসক গোষ্ঠীয়ে বলৱৎ কৰা নীতি নিয়মক ভংগ কৰিছে জনতাই। কোনো কোনোৱে মানিব বিচৰা নাই শ্বৰিয়ৎ নীতি নিয়ম।যুৱতী মহিলাই হিজাব পৰিধান নকৰি ভংগ কৰিছে শ্বৰিয়ৎ নীতি। সেয়ে হেনো তালিবান চৰকাৰ বাধ্য হৈ পাৰ্ক বা মেলাত পুৰুষ সংগী থাকিলেও মহিলা যুৱতীৰ প্ৰৱেশত বাধা আৰোপ কৰিছে।

তালিবান শাসিত আফগানিস্তানত মহিলাৰ বাবে সকলো প্ৰান্ততে হিজাব বা বোৰ্খা পিন্ধাতো বাধ্যতামূলক কৰিছে তালিবানে।  তালিবান চৰকাৰৰ ফতোৱাকলৈ ভীষণ অসন্তুষ্টি প্ৰকাশ কৰি দেশখনৰ মহিলা নাগৰিকসকলে হতাশা প্ৰকাশ কৰিছে। এফালে বিদ্যালয় বন্ধ আনফালে ইটোৰ পাছত সিটো নিষেধাজ্ঞাক লৈ আফগান মহিলা সকলে আনন্দ উপভোগ কৰাত বঞ্চিত কৰা বুলি মন্তব্য কৰিছে। নিজৰ দেশতেই আমি পৰাধীন বুলি মন্তব্য আফগানিস্তানৰ মহিলা যুৱতীৰ। আফগানিস্তানত আৰু থকাৰ কোনো পৰিৱেশ নাই বুলিও বিষোদগাৰ মহিলা যুৱতী সকলৰ। ইতিমধ্যে আন্তৰ্জাতিক মহলত এই ফটোৱাক লৈ সমালোচিত হৈছে আফগানিস্তানৰ তালিবান চৰকাৰ।  

Leave A Reply