Breaking

নগাঁৱত বাটৰ নাটৰে পথ সুৰক্ষাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস

0 1,229

নগাঁও, ২১ ডিচেম্বৰ : পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা পাঁচদিনীয়া সজাগতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিগত দিনসমুহত জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ তত্বাৱধানত অনুষ্ঠিত পথ সুৰক্ষাৰ সুনিশ্চিত কৰাৰ বাবে ৰাইজক সজাগ কৰিবলৈ আজি নগাঁও চহৰৰ কেবাটাও স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱা বাটৰ নাট আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে জিলা পৰিবহন বিষয়া উৎপল গগৈয়ে। নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে আঁত ধৰা উক্ত অনুষ্ঠানত সহকাৰী যানবাহন পৰিদৰ্শক দৰ্শন মহন্ত, উচ্চ বৰ্গৰ সহায়ক চন্দন শ‌ইকীয়া, কাৰ্যালয় সহায়ক ৰঞ্জিত বৰা, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি আব্দুল খবিৰ, সম্পাদক হজৰত আলী, সহকাৰী সম্পাদক আব্দুল জলিল আদি উপস্থিত থাকে। শিল্পী কাননৰ শিল্পী সকলে বাইক চালাওঁতে হেলমেট পৰিধান কৰা, গাড়ী চলাওতে ছিট ব্লেল্ড আৰু ভৰিত জোতা পৰিধান কৰা, দ্ৰুত গতিত গাড়ী চলোৱাৰ ভয়াবহ পৰিনাম আদি বিষয়সমুহ সামৰি বাটৰ নাটসমুহ প্ৰদৰ্শন কৰে। নাট পৰিচালনা কৰে সুনিত কুমাৰ শ‌ইকীয়াই।

Leave A Reply