Breaking

বি ডব্লিউ এফ থমাছ-উবেৰ কাপৰ দল ঘোষণা ! ভাৰতীয় দলত দুই অসম কন্যা অস্মিতা-ঈশাৰাণী…

0 45

অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে৷ উল্লেখ্য যে প্ৰায় তিনি দশকৰ বিৰতিৰ পাছত উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে অসম শ্বাটলাৰে৷ ইয়াৰপূৰ্বে অসমৰ মল্লিকা বৰুৱা শৰ্মাই ৰাজ্যৰ প্ৰথম শ্বাটলাৰ হিচাপে সন্মানীয় উবেৰ কাপত খেলিছিল ৷ ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনে [বাই] অহা ২৭ এপ্ৰিলৰ পৰা পাঁচ মে’লৈ চীনৰ চেংডুত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ প্ৰতিযোগিতাখনৰ বাবে পুৰুষ আৰু মহিলাৰ দল দুটা আজি ঘোষণা কৰিছে৷

থমাছ কাপৰ বাবে ১০ জনীয়া দলটোত পাঁচজন একক খেলুৱৈৰ লগতে দুটা ডাবলছ যুটি তথা এজন বেকআপ খেলুৱৈক দলত লোৱা হৈছে৷ ভাৰতীয় দলত স্থান লাভ কৰা একক শাখাৰ খেলুৱৈসকল হ’ল ঃ এইচ এছ প্ৰণয়, লক্ষ্য সেন, কিদাম্বী শ্ৰীকান্ত, প্ৰিয়ংশু ৰাজাৱত আৰু কিৰণ জৰ্জ৷ আনহাতে, ডাবলছ খেলুৱৈৰূপে দলত আছে সাতৱিকসাইৰাজ ৰেংকিৰেড্ডী, চিৰাগ শ্বেট্টী, এম আৰ অৰ্জুন, ধ্ৰুৱ কপিলা আৰু সাই প্ৰথিক৷

উল্লেখ্য যে ভাৰতীয় পুৰুষ দলটোৱে দুবছৰ পূৰ্বে থাইলেণ্ডত ইতিহাস সৃষ্টি কৰি ফাইনেলত শক্তিশালী ইণ্ডোনেছিয়াক ৩-০ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপৰ মুকুট পৰিধান কৰিছিল৷

ইফালে, উবেৰ কাপৰ বাবে একক আৰু ডাবলছ দুয়োটা শাখাতে নিৰ্বাচকসকলে নবাগতক সুযোগ দিয়াৰ সিদ্ধান্ত লয়৷ পি ভি সিন্ধুৱে ইতিপূৰ্বে নিৰ্বাচকসকলক জনাইছে যে পেৰিছ অলিম্পিকৰ বাবে তেওঁ প্ৰতিযোগিতাখনত অংশ নলয়৷

উবেৰ কাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা একক শাখাৰ খেলুৱৈসকল হ’ল ঃ অনমোল খাৰব, তনৱী শৰ্মা, অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱা আনহাতে, ডাবলছ শাখাত খেলিব শ্ৰুতি মিশ্ৰ, প্ৰিয়া কনজেংবাম, ছিমৰন সিংহী আৰু ঋতিকা ঠাকাৰে৷

ইফালে, প্ৰায় তিনি দশকৰ পাছত অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰাৰ বাবে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদে উভয় খেলুৱৈকে শুভেচ্চা জনাইছে৷

Leave A Reply