Breaking

১০ জুলাইত ৭খন ৰাজ্যৰ ১৩খন বিধানসভাৰ আসনত উপ-নিৰ্বাচন, ঘোষণা নিৰ্বাচন আয়োগৰ…

0 24

দেশত ঘোষণা কৰা হ’ল উপ-নিৰ্বাচনৰ দিন। সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ১০ জুলাইত ৭ খন ৰাজ্যৰ ১৩খন বিধানসভাৰ খালী আসনত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

সেইমৰ্মে বিহাৰ (১খন আসন), পশ্চিম বংগ (৪), তামিলনাডু (১), মধ্যপ্ৰদেশ (১), উত্তৰাখণ্ড (২), পঞ্জাব (১), আৰু হিমাচল প্ৰদেশ (৩)। ভোট গণনা ১৩ জুলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিধানসভাৰ উপ-নিৰ্বাচনৰ সম্পূৰ্ণ সময়সূচী এনে ধৰণৰ-অধিসূচনা জাৰি: ১৪ জুন,মনোনয়ন দাখিলৰ শেষ তাৰিখ: ২১ জুন, মনোনয়নৰ পৰীক্ষণ: ২৪ জুন,প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ: ২৬ জুন,নিৰ্বাচনৰ তাৰিখ: ১০ জুলাই,ফলাফল: ১৩ জুলাইত ঘোষণা কৰা হ’ব।

Leave A Reply