Breaking

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

0 56

বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ঐক্যবদ্ধ সংকল্পেৰে আজি গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাৰ সৈতে নলবাৰীৰ জাগাৰাত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল বাৰ্তালাপৰ জৰিয়তে দেশবাসীৰ সৈতে সংযুক্ত হোৱাৰ সময়ত যোগদান কৰি আপ্লুত সৰ্বানন্দ সোণোৱাল ।


প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ উন্নয়নমূলক পদক্ষেপসমূহে কেনেদৰে গাঁওসমূহকে ধৰি সকলো অঞ্চলৰ আৰু সৰ্বস্তৰৰ জনসাধাৰণৰ জীৱনত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই সন্দৰ্ভত ৰাইজৰ অনুভৱ হৃদয়ংগম কৰে আৰু চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ সুফল সন্দৰ্ভত আলোকপাত কৰা হয়। এই অনুষ্ঠানতেই ৰাইজৰ সৈতে একেলগে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰা হয়।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশবাসীয়ে সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ এক নতুন যুগত পদাৰ্পণ কৰিছে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ই দেশৰ অমৃতকালত এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ যাত্ৰাক এক নতুন গতি দিব বুলি দৃঢ় বিশ্বাসী কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

Leave A Reply