Breaking

কাছাৰৰ জিৰিঘাটত গ্ৰেপ্তাৰ মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ, উদ্ধাৰ পিস্তল সহ কেইবা জাই সজিব গুলী…

0 39

কাছাৰৰ জিৰিঘাটত গ্ৰেপ্তাৰ হল মণিপুৰৰ উগ্ৰপন্থী সংগঠন United Tribal Liberation Army (S.K Thadou)ৰ এক সক্ৰিয় কেডাৰ। অসম ৰাইফলছ আৰু কাছাৰৰ জিৰিঘাট আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছে উগ্ৰপন্থী কেডাৰ জন। ধৃত উগ্ৰপন্থী কেডাৰ জনৰ নাম Henlenmang Lhouvum ৷ ঘৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত। গোপন সূত্ৰৰ ভিত্তিত আসাম ৰাইফলছ আৰু জিৰিঘাট আৰক্ষীৰ এটা দলে অসম মণিপুৰ সীমান্তৰ জিৰিঘাট লক্ষীনগৰ খাছিয়া পুঞ্জীত অভিযান চলাই উগ্ৰপন্থী জনক গ্ৰেপ্তাৰ কৰে ।

লগতে অভিযানকাৰী দলটোৱে ধৃত উগ্ৰপন্থী জনক তলাচি চলাই এটা .32 পিস্তল সহ ৫ জাই সজিৱ গুলী উদ্ধাৰ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত যুবক জন মণিপুৰৰ উগ্ৰপন্থী সংগঠন United Tribal Liberation Army (S.K Thadou) ৰ এক সক্ৰিয় কেডাৰ ৷ সীমান্তৰ জিৰিঘাট লক্ষীনগৰ খাছিয়া পুঞ্জীত তেওঁ পিস্তল বিক্ৰী কৰিবলৈ আহিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Leave A Reply