Breaking

মাৰ্ঘেৰিটা নামডাং চাহ বাগিছাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী…

0 67

ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নামডাং চাহ বাগিছাত আজি পুৱা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়।

নাহৰফুটুকীটোয়ে চাহ বাগিচাখনত বিগত কেইবাদিনো ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বন বিভাগে বাঘটো ধৰিবলৈ পিঞ্জৰা পাতি ৰাখিছিল ।আজি বন বিভাগে পাতি ৰখা পিঞ্জৰাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো চোৱাৰ বাবে পুৱাৰে পৰা শ শ উৎসুক লোকৰ সমাগম হয়।পিছত অৱশ্যে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো বন বিভাগে উক্ত ঠাইৰ পৰা অন্য স্থানলৈ লৈ যায়।

বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো বনাঞ্চলত এৰি দিয়া হব। নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস কাঢ়িছে।

মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা

Leave A Reply