Breaking

প্ৰমাণ অবিহনে স্বামীক ‘মদাহী আৰু চৰিত্ৰহীন’ বুলি কোৱাটো নিষ্ঠুৰতা – আদালত

0 66

ফেমিলী ক’ৰ্টত মহিলাগৰাকীৰ অভিযোগ আছিল, তেওঁৰ স্বামী চৰিত্ৰহীন, আন নাৰীৰ প্ৰতি আসক্ত আৰু নিয়মিত সুৰাপান কৰে, ফলত তেওঁৰ দাম্পত্যৰ অধিকাৰ খৰ্ব হৈছে।

স্বামীৰ সন্মানহানি, কোনো প্ৰমাণ অবিহনে স্বামীক ‘চৰিত্ৰহীন আৰু মদাহী’ আখ্যা দিয়াটো এক নিষ্ঠুৰতা। এই ৰায় দিলে বম্বে উচ্চ ন্যায়ালয়ে। পুনেৰ এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰ সন্দৰ্ভত পুনেৰ ফেমিলী ক’ৰ্টৰ ৰায় বাহাল ৰাখিলে বম্বে হাই ক’ৰ্টে। ৰায়দান কৰি ন্যায়াদীশ নীতিন জামদাৰ আৰু শৰ্মিলা দেশমুখৰ বিচাৰপীঠে খাৰিজ কৰে পত্নীৰ আবেদন।

জানিব পৰা মতে, পুনেৰ বাসিন্দা ৫০ বছৰীয়া এগৰাকী মহিলাই চলিত বছৰৰ ১২ অক্টোবৰত বম্বে হাইক’ৰ্টত ২০০৫ চনত ফেমিলী ক’ৰ্টে প্ৰদান কৰা ৰায়ৰ বিৰোধিতা কৰে। মহিলাগৰাকীৰ স্বামী আছিল প্ৰাক্তন সেনা। ফেমিলী ক’ৰ্টত মহিলাগৰাকীৰ অভিযোগ আছিল, তেওঁৰ স্বামী চৰিত্ৰহীন, আন নাৰীৰ প্ৰতি আসক্ত আৰু নিয়মিত সুৰাপান কৰে, ফলত তেওঁৰ দাম্পত্যৰ অধিকাৰ খৰ্ব হৈছে। ২০০৫ চনত ফেমিলী ক’ৰ্টে সেই অভিযোগ খাৰিজ কৰে। ইয়াৰ পিছতে বম্বে হাই ক’ৰ্টৰ দ্বাৰস্থ হয় মহিলাগৰাকী।

হাই ক’ৰ্টত গোচৰৰ শুনানী চলাৰ সময়তে মৃত্যু হয় লোকজনৰ। ২০০৫ৰ অক্টোবৰত ফেমিলী ক’ৰ্টে বিবাহ বিচ্ছেদৰ নিৰ্দেশ দি যি নিৰ্দেশনা জাৰি কৰিছিল সেয়া বাহাল ৰাখি ডিভিজন বেঞ্চে মৃতকৰ প্ৰকৃত উত্তৰাধিকাৰী চিহ্নিত কৰিবলৈ কৈছে। সম্প্ৰতি এই গোচৰৰ ৰায়দানত হাইক’ৰ্টে জনায়, ‘‘কোনো প্ৰমাণ অবিহনে স্বামীৰ চৰিত্ৰক লৈ অভিযোগ অনা, স্বামীৰ ভাৱমূৰ্তিত কালিমা সনাটো এক নিষ্ঠুৰতা। ইয়াৰ ফলত এজন লোকৰ সমাজত সন্মানহানি হয়।’’ আদালতে আৰু জনায়, নিজৰ যুক্তিৰ সপক্ষত মহিলাগৰাকীয়ে কোনো প্ৰমাণ দাখিল কৰিব পৰা নাই।

Leave A Reply