ভিছা সেৱা বন্ধ কৰাত কানাডাৰ উদ্বেগ। খালিস্তানী নেতা নিজ্জাৰৰ মৃত্যু তদন্তত ভাৰতৰ সহযোগিতা বিচাৰিলে কানাডাই…

কানাডাৰ প্ৰতিৰক্ষা মন্ত্ৰী বিল ব্লেয়াৰে কানাডিয়ানসকলৰ বাবে ভিছা সেৱা স্থগিত ৰখাকে ধৰি ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহকলৈ উদ্বেগ ব্যক্ত কৰিছে। তেওঁ নতুন দিল্লীক সত্য উন্মোচন কৰিবলৈ আৰু ইয়াক উপযুক্ত উপায়েৰে সমাধান কৰি শিখ বিচ্ছিন্নতাবাদী নেতাৰ হত্যাৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ১৮ জুনত ব্ৰিটিছ কলম্বিয়াত তেওঁৰ দেশৰ মাটিত ৪৫ বছৰীয়া খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাত ভাৰতীয় এজেণ্টৰ “সম্ভাৱ্য” জড়িত থকাৰ বিস্ফোৰক অভিযোগৰ পিছত ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বিয়পি পৰিছিল। ভাৰতে ২০২০ চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।
ভাৰতে কানাডাৰ অভিযোগবোৰ “অযৌক্তিক” আৰু “উদ্দেশ্যপ্ৰণোদিত” বুলি প্ৰত্যাখ্যান কৰিছে আৰু এজন জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক ভাৰত এৰিবলৈ কৈছে। কানাডাই ভাৰতীয় বিষয়াক বহিষ্কাৰ কৰাৰ বাবেই ভাৰতেও একে পদক্ষেপেই গ্ৰহণ কৰিছে। ভাৰতে যোৱা সপ্তাহত কানাডাক দেশ খনৰ মাটিত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী আৰু ভাৰত বিৰোধী উপাদানসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ কৈছিল আৰু কানাডিয়ানসকলৰ বাবে ভিছা সেৱা স্থগিত কৰিছিল।এনে পৰিস্থিতিৰ মাজতে ব্লেয়াৰে কয় ” আমি কওঁ যে আৰচিএমপি (ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে) এতিয়া এটা তদন্ত আৰম্ভ কৰিছে,”। ব্লেয়াৰে দেওবাৰে কানাডাৰ ৰাষ্ট্ৰীয় ৰাজহুৱা সম্প্ৰচাৰক চিবিচি নিউজৰ সৈতে এক সাক্ষাৎকাৰত এনেদৰে কৈছিল। তেওঁ লগতে কয় “এই অনুসন্ধানৰ ফলাফল কানাডাৰ বাবে গুৰুত্বপূৰ্ণ। এয়া বিশ্বত আমাৰ মিত্ৰশক্তিৰ বাবেও গুৰুত্বপূৰ্ণ…,”।

ভাৰতে গ্ৰহণ কৰা কিছুমান পদক্ষেপৰ বিষয়ে তেওঁ চিন্তিত নেকি বুলি সোধাত ব্লেয়াৰে কয়, “তেওঁলোকে গ্ৰহণ কৰি থকা ব্যৱস্থাসমূহৰ বিষয়ে মই চিন্তিত । কিয়নো আমাৰ দেশতো যথেষ্ট ভাৰতীয় লোক আছে। এই দেশত গুৰুত্বপূৰ্ণ হৈ পৰিছে ভাৰত-কানাডিয়ান জনসংখ্যা, ।” তেওঁ কয় যে কানাডাই ভাৰতৰ কিছুমান পদক্ষেপৰ প্ৰভাৱক স্বীকৃতি দিয়ে আৰু একে সময়তে তেওঁ সংঘটিত ঘটনাৰ তদন্তৰবিষয়তো গুৰুত্ব দিয়ে। তেওঁ লগতে কয় “আমি আৰু ভাৰত চৰকাৰে সত্যটো জানিব বিচাৰো। আমি একেলগে একেলগে কাম কৰি ইয়াক উপযুক্ত উপায়েৰে সমাধান কৰিব পাৰোঁ। ভাৰতক আমি কৰা একমাত্ৰ অনুৰোধটো হ’ল যে তেওঁলোকে সেই তদন্তত সম্পূৰ্ণ সহযোগিতা কৰক। কিয়নো ইয়াৰ ফলাফল অতি গুৰুত্বপূৰ্ণ,”।

Related Articles