Breaking

বিহালী স্নাতক মহাবিদ্যালয়ত কেৰিয়াৰ সম্পৰ্কে সজাগতা সভা

0 54

বিহালী সমষ্টিৰ এক মাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অবিভক্ত শোনিতপুৰ জিলাৰ ৮ খন মহাবিদ্যালয়ৰ ছাত একতা সভাৰ সভাপতি সম্পাদকক লৈ ছাত্ৰ-ছাত্ৰীৰ কেৰীয়াৰ সম্পৰ্কত সজাগতা মুলক সভা বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়। আই কিউ এ চি’ৰ সহকাৰী সমন্বয়ক ড° বিনোদ চুবেদীয়ে আতঁ ধৰা সভাত বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জীৱন চন্দ্ৰ নাথে সভাপতিত্ব কৰে।

সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীক বিভিন্ন দিশৰ ওপৰত বুজনি দিয়ে মহাবিদ্যালয় খনৰ অধ্যাপক ড°প্ৰাঞ্জল মহন্তই।এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহকাৰী,অধ্যাপক বিৰদেউ গঞাৰী” বিহালী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰমেন বৰা,আই কিউ এ চি’ৰ সমন্বয়ক ড°বিজয় মণ্ডল আদিয়ে ।অন্যহাতে ছয়খন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদক সকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকা সকলে অংশ লয়। শেষত শলাগৰ শৰাই আগবঢ়াই বিহালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি চয়নিকা ভদ্ৰাজে ।

Leave A Reply