Breaking

ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

0 73

অসম ডন ব’স্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত ২৯ মে’ ২০২৩ তাৰিখে এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে গ্লোবেল প্ৰেচিডেণ্ট এণ্ড চিইঅ’, ইকোডাছ ইনক., আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু ভাৰত তথা নৰ্থ ইষ্ট ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰ প্ৰেছিডেণ্ট মাৰ্ক বৰদলৈ। সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে।

মাৰ্ক বৰদলৈক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁইয়ে। ড° বুঢ়াগোহাঁয়ে কৰ্মশালাখনৰ আদৰণি ভাষণ প্ৰদান কৰে। কৰ্মশালাখনত শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে।

মাৰ্ক বৰদলৈয়ে শৃংখলাবদ্ধ জীৱনে ইঞ্জিনিয়াৰিঙৰ সকলো শাখাৰ শিক্ষাৰ্থীয়ে কেনেদৰে এক সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে তাৰ বিশদ ব্যাখ্যা আগবঢ়ায়। বৰদলৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত উচ্চ অধ্যয়নৰ লগতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ সময়ত কেনেদৰে ধন উপাৰ্জন কৰিব পাৰে তাৰ তথ্যও ভাগ বতৰা কৰে।

এজন উদ্যোগী আৰু কমিউনিটি নেতা হিচাপে মাৰ্ক বৰদলৈয়ে ভাৰতৰ তিনিখন চহৰ আৰু কানাডাত নিজৰ কোম্পানী সম্প্ৰসাৰণ কৰিছে। ভাৰতৰ মুখ্য কাৰ্যালয় চফটৱেৰ ডেভেলপমেণ্ট চেণ্টাৰ হিচাপে গুৱাহাটীত আৰু আন কাৰ্যালয় নয়ডা আৰু হায়দৰাবাদত আছে। বৰ্তমান তেওঁ কোম্পানীটোত ৭৫ জন কাৰ্যবাহী কৰ্মৰত। কৰ্মশালাখনত ড° বুলজিৎ বুঢ়াগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply