Breaking

কাৰ্টুনিষ্ট নুৰুল ইছলামলৈ ত্ৰৈলোক্য দত্ত সোঁৱৰণী “চিত্ৰশিল্পী বঁটা” প্ৰদান

0 156

অসমৰ কাৰ্টুন জগতৰ বাটকটীয়া প্ৰখ্যাত কাৰ্টুনিষ্ট ত্রৈলোক্য দত্ত সোঁৱৰণী “চিত্ৰশিল্পী বঁটা ২০২২” কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলাম’ক এক গাম্ভিৰ্যপূৰ্ণ পৰিবেশত প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱনত আয়োজন কৰা বিশিষ্ট কাৰ্টুনিষ্ট দত্তৰ পৰিয়ালৰ ফালৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হয়।

অনুষ্ঠানত সোণপৰুৱাৰ হাঁহিৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কাঁহুদীৰ স্ৰষ্টা ত্ৰৈলোক্য দত্তৰ পৰিয়ালৰ ফালৰ পৰা আগবঢ়োৱা উক্ত বঁটাটি প্ৰদান কৰে প্ৰয়াত শিল্পী গৰাকীৰ ভতিজী বিশিষ্ট লেখিকা ড° নঞ্জু দত্তই। অনুষ্ঠানটিত সোণপৰুৱাৰ হাঁহিৰ সভাপতি শুক্লেশ্বৰ নাথ তথা সম্পাদক ঊষামণি শ‍ইকীয়াকে ধৰি ভালেকেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে‌।

Leave A Reply