Breaking

চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে তৃণমূলৰ দুই কেবিনেট মন্ত্ৰীক, ক্ষোভিত মমতা

0 2,060

পশ্চিম বংগত পুনৰ আৰম্ভ নাৰদা ষ্টিং চেপ কেছৰ তদন্ত। আজি সেই তদন্তৰ অন্তৰালতে চিবিআইয়ে হঠাতে তালাচী চলাই ৰাজ্যখনৰ চাৰিগৰাকী নেতাৰ বাসগৃহত। পিছত চাৰিওগৰাকী নেতাকে চিবিআইৰ কাৰ্যালয়লৈয়ো লৈ যায়। আৰু শেষত গ্ৰেপ্তাৰ কৰে।নেতা কেইগৰাকী হৈছে পশ্চিম বংগৰ নতুনকৈ গঠন হোৱা চৰকাৰখনৰ কেবিনেট মন্ত্ৰী ফিৰহাদ হকীম আৰু সুব্ৰত মুখাৰ্জী, তৃণমূল বিধায়ক মদন মিত্ৰ আৰু বিজেপিৰ প্ৰাক্তন নেতা সোবন চেতাৰ্জী।কেবিনেটৰ দুজনকৈ মন্ত্ৰীৰ বাসগৃহত হঠাতে তালাচীৰ লগতে পিছত চিবিআইৰ কাৰ্যালয়লৈয়ো নিয়া কাৰ্যত আৰু শেষত গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভিত হৈ পৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ক্ষোভতে মমতা বেনাৰ্জীয়েও গৈ উপস্থিত হয় চিবিআইৰ কাৰ্যালয়ত।আৰু কয় মোকো গ্ৰেপ্তাৰ কৰি লোৱা।চাৰিও নেতাক সোধপোচৰ বাবে নিয়াৰ পিছতে ৰাজ্যখনৰ ৰাজনীতিত তোলপাৰ লাগি যায়। গ্ৰেপ্তাৰ কৰাৰ পাছত চাৰিও নেতাৰ সমৰ্থনত প্ৰৰ্দশন হবলৈ ধৰে।

Leave A Reply