Breaking

বিল্বেশ্বৰ দেৱালয়ত ৰাজ হংস বলিৰে ব্যতিক্ৰম লক্ষ্মী পূজা উদযাপন

0 107

নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত  ব্যতিক্ৰমী পৰম্পৰা, ধৰ্মীয় ৰীতি-নীতি অনুসৰি  শ্ৰীশ্ৰী লক্ষ্মী পূজা সম্পন্ন কৰা হয় । উল্লেখ্য, প্ৰাচীন শৈৱপীঠখনত সূৰ্য সময় অনুযায়ী বিয়লি ৪-৩০ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে লক্ষ্মী পূজা ভাগ আৰম্ভ কৰা হয় । এইফালে, প্ৰায় তিনি হেজাৰ বছৰ পুৰণি বিল্বেশ্বৰৰ লক্ষ্মী পূজাত দুৰ্গতিনাশিনী দুৰ্গাৰ অন্য এক ৰূপ কমলা লক্ষ্মী দেৱীৰ চৰণত পৰম্পৰা অনুসৰি আজি সন্ধিয়াৰ ভাগত এটি ৰাজহংস বলিদান কৰা হয় । সাধাৰণতে লক্ষ্মী পূজাত বলিৰ বিধান নেথাকে যদিও মহিমামণ্ডিত বিল্বেশ্বৰৰ লক্ষ্মী পূজাত পূৰ্বৰ ব্যতিক্ৰমী পৰম্পৰা মৰ্মে কমলা লক্ষ্মী দেৱীৰ সন্মুখত প্ৰতিবছৰে এটিকৈ ৰাজহংস বলি আগবঢ়োৱা হৈ আহিছে । দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই এই সন্দৰ্ভত জনোৱা মতে, কমলা লক্ষ্মী মহামায়া দুৰ্গা দেৱীৰে এটি অনন্য ৰূপ । বিল্বেশ্বৰত লক্ষ্মীৰ লগতে অ-লক্ষ্মীকো পূজা আগবঢ়োৱা হয় । সেইবাবেই লক্ষ্মী পূজাৰ মাজতে কমলা লক্ষ্মী দেৱীৰ সন্মুখত পৰম্পৰা অনুসৰিয়েই শৈৱপীঠখনত এটিকৈ ৰাজহংস বলিদান হৈ আহিছে । আনহাতে, লক্ষ্মীপূজা উপলক্ষে বিল্বেশ্বৰ দেৱালয়ত বহু ভক্ত-দৰ্শনাৰ্থীৰ সমাগম হয় । # পশ্চিম নলবাৰীৰৰ নিজ পকোঁৱা, চামতা, বেলশৰ, বিহামপুৰ, বনগাওঁ, বৰনৰ্দ্দী,  পানীগাওঁ,  বাটসৰ, বগুৰিহাটী, গোৱালপাৰা, বলোৱা, কুমাৰিকাটা, গন্ধিয়া, জাগাৰা, ককয়া, পিপলিবাৰী, টেঙাবাৰী, কৈহাটী, শোলমাৰা, দাহুদী, হেলচা, পখুৰা, লখোপুৰ, আমনি, কুলবিল, শিমলিয়া, মুলাৰকুছি, বালিজাৰ, কৈঠালকুছি, সাহপুৰ, গামাৰিমুৰী, নদলা, বৰবৰা, পুৰ্ণি, বৰপীট, পশ্চিম চামতা, ৰূপীয়াবাথান, নদলাৰ হাট, কৈঠাকুছিৰ বজাৰ, চামতা মটৰষ্টেণ্ড বজাৰতো   শ্ৰীশ্ৰী লক্ষ্মী পূজা মহোৎসৱ উদযাপন কৰা হয় ৷ এইফালে কালিৰে পৰা নিজ পকোঁৱাত পৰা পাচঁ দিনীয়াকৈ আৰু  শোলমাৰা বজাৰত বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত শোলমাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী লক্ষ্মী পূজা মহোৎসৱ চলি আছে ৷ নিজপকোঁৱাৰ লক্ষ্মী পূজাত  ২০অক্টোবৰৰ পৰা  পৰা তিনিদিনী কাৰ্যসূচীৰে আবাহন থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰে নাট মঞ্চস্হ আৰম্ভ কৰিছে ৷  

Leave A Reply