গুৱাহাটী : অসমৰ ক্ৰীড়া ইতিহাসৰ নমস্য ক্ৰীড়াবিদ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন ৩ ছেপ্টেম্বৰত আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ ৩৭ তম বাৰ্ষিকী গুৱাহাটীত অনুষ্ঠুপীয়াকৈ উদযাপন কৰা হয় ৷ সম্প্ৰতি মহামাৰী কৰোনা সংক্ৰমণৰ বাবে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপুৰ্ন পৰিবেশত অভিৰুচি ক্ৰীড়া পালন কৰা হৈছে ৷ প্ৰতিষ্ঠাপক সভাপতি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বৰুৱা দেৱলৈ জন্মদিনৰ শুভেচ্ছা’ শীৰ্ষক কাৰ্য্যসূচী ‘কেক্’ কাটি শুভাৰম্ভ কৰে বিশিষ্ট এথলেট তৈবুননিছাই ৷ সভাত অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰতিষ্ঠা কালৰ অন্যতম সদস্য বিশিষ্ট ফটো সাংবাদিক প্ৰয়াত তৰনী বৰ্মনলৈ শ্ৰদ্ধা জনাই এক মিনিট মৌন প্ৰাৰ্থনা জনায় ৷ বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ অবসৰপ্ৰাপ্ত এ,চি,এচ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাই ভোগেশ্বৰ বৰুৱাৰ সুস্বাস্থ্যৰ আৰু দীৰ্ঘায়ু কামনা কৰে ৷ উল্লেখ্য যে অভিৰুচি দিৱস অনুষ্ঠানত জেষ্ঠ্ সাংবাদিক পবিত্ৰ গগৈ, সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্হাৰ সভাপতি সুবোধ মল্ল বৰুৱা উপস্থিত থাকি ভোগেশ্বৰ বৰুৱালৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে শলাগৰ শৰাই আগবঢ়াই ক্ৰীড়া দিৱসৰ সম্পাদক প্ৰধান সুকুমৰ মেধিয়ে ৷
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কিহৰ বাবে খং কৰিছে পোহনীয়া ভাটৌ চৰাইটিয়ে? এটা এটাকৈ সকলো ঘৰৰ বাচন-বৰ্তন দলিয়াবলৈ আৰম্ভ কৰিলে
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক
- আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ
- ২০০০ বৰ্গফুটত ২০০ বিধ উদ্ভিদৰ শাক-পাচলি খেতি কৰে এগৰাকী গৃহিণীয়ে
- ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master Season-5 ত উজলিছে চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া আধ্যাশ্রী উপাধ্যায়
- বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কাছাৰপেটী গাঁও পঞ্চায়তত হাজাৰ হাজাৰ হেক্টৰ ধান মৰাপাটৰ খেতি নষ্ট