Breaking

চমাৰ দলনিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 1,287

জামুগুৰিহাট,২৮ নবেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে চতিয়াৰ দক্ষিণাঞ্চলৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয়। দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ৱতী শৰ্মাই দ্বীপ প্ৰজ্বলন কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণ আগবঢ়ায় স্থানীয় সমাজকৰ্মী গংগা ঢকালে। ইয়াৰ পিচতে বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই পতাকা উত্তোলন কৰে।  পতাকা উত্তোলনৰ পিছতেই বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে কুছ-কাৱাজ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতেই বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলা কান্ত শৰ্মাৰ পৌৰহিত্যত মুকলি সভা আৰু পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক ড. তিলক শৰ্মাই শিক্ষাৰ্থী জীৱনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰয়োজনীয়তা আৰু মহত্বৰ বিষয়ে মননশীল ভাষণ আগবঢ়ায়। সভাত নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱসৰী তত্বাবধায়ক শিক্ষক বাণেশ্বৰ বৰাই শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীত থাকি কিদৰে দেশমাতৃৰ সেৱা কৰিব পৰা যায় তাৰ এক খতিয়ান দাঙি ধৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ইতিহাস আৰু বৰ্তমানৰ স্থিতি সম্পৰ্কে তত্বগধুৰ ভাষণ আগবঢ়ায়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে যথাক্ৰমে নাগশংকৰ উচ্চ মাধ্যমিক আৰু কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষকদ্বয় নয়ণমণি শইকীয়া আৰু কমল ভট্টৰাইয়ে। বিদ্যালয়ৰ শিক্ষাৰ্থী জীনা দেৱী, দীপা ভূজেল, লেখনাথ দৰ্জী, দীক্ষা দেৱা, ঋজু দেৱী, সন্তোষ গুৰুঙ আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গোটে দেশভক্তিমূলক দলীয় গীত পৰিৱেশন কৰে। বিদ্যালয়ৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ শেষত ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন কৰা হয়।

Leave A Reply