Breaking

চালাকাটিত আক্ৰাছুৰ ক্ষীটিছ বৰ্মন গোটৰ প্ৰতিষ্ঠা দিৱস পালন…

0 23

অসম পশ্চিমবংগ ৰাজ্যৰ একাংশকলৈ কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি অহা সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ৰ ক্ষীটিশ গোটে আজি নামনি অসম তথা বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ ছালাকাটি এম ই স্কুল খেলপথাৰত ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।


প্রাপ্ত বাতৰিমতে আক্ৰাছু য়ে আজি ৰাতিপুৱা ৮:৪৫বজাত মুখ্যদ্বাৰ মুকলি কৰে কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি কমল বৰ্মনে ।ইয়াৰ পিছত ৯:০০বজাত পতাকা উত্তোলন কৰে আক্ৰাছু ৰ কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনে।তাৰ পিছত আৰম্ভ হয় সভাপতি ক্ষীতিশ বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক আলোচনা চক্ৰত ভাষণ দিয়ে কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি কমল বৰ্মন ,কেএচি ৰ সভাপতি গকুল বৰ্মন,কে এ চি ৰ সদস্য ক্ৰমে জীবেশ ৰায়,কামেশ্বৰ ৰায়,মন্ত্ৰী পিয়ুষ হাজৰিকা আদিয়ে।ইয়াৰ আগতে শ্বহীদ বেদীত মাল্যৰ্পণ কৰে সভাপতি ক্ষীতিশ বৰ্মনে।উক্ত প্ৰতিষ্ঠা দিৱসত দ্বীপেন ৰায় গোট আৰু পুৰেন ৰায় গোট একত্ৰিত হোৱাৰ কথা।

Leave A Reply