Breaking

বিলাসীপাৰাত পোষণ মাহ উদযাপন

0 2,233

আজি বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ত “ৰাষ্ট্ৰীয় পোষণ মাহ,২০২১”আনুষ্ঠানিক ভাৱে উদযাপন কৰা হয়। বিলাসীপাৰা সমাজ কল্যাণ বিভাগে বিভিন্ন কাৰ্য্যালয়ৰ লগত সংগতি ৰাখি”পোষণ মাহ,২০২১” অনুষ্ঠান মহকুমাধিপতি কাৰ্য্যালয়ত আড়ম্বৰপূৰ্ণকৈ আৰু সম্ভ্ৰমপূৰ্ণতাৰে উদযাপন কৰে। উক্ত অনুষ্ঠান মহকুমাধিপতি (সদৰ) শ্ৰীমতী দৰ্শনা চেটিয়া ডাঙৰীয়ানীয়ে আৰম্ভ কৰে আৰু নিৰ্বাচনী বিষয়া শ্ৰী জগদীশ ব্ৰহ্ম দেৱ, সহকাৰী আয়ুক্ত শ্ৰী সুগাতা গোস্বামী ডাঙৰীয়া, জিলা সমাজ কল্যাণ বিষয়া, ধুবুৰী শ্ৰী সূৰ্য্য বৰুৱা , সংশ্লিষ্ট বিষয়াববীয়া, কৰ্মচাৰী সকল, প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে। পোষণ মাহৰ উক্ত কাৰ্য্যক্ৰমণিকা অংগনৱাড়ী মহিলা, অংগনৱাড়ী স্বাস্থ্য কৰ্মী, তত্ত্বাৱধাকসকল, পোষণ সমন্বয়ক সকল আৰু মহকুমাৰ আৰু উন্নয়ন খণ্ডৰ সহকাৰী সকলে এক শোভাযাত্ৰাৰ দ্বাৰাই পোষণ মাহৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰে।


“চকাৰ ওপৰত পোষণ” “Poshan on Wheels” অৰ্থাৎ এখন বাছৰ ভিতৰত পোষণ সম্পৰ্কে বিভিন্ন তথ্য সংগ্ৰহৰ দৰ্শাৰ প্ৰদৰ্শনৰে যাত্ৰা আৰম্ভ কৰা বাছখন বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ পৰা ফ্লেগ অফ কৰা হয়। বাছখনত “ৰাষ্ট্ৰীয় পোষণ মাহ,২০২১” “মাত্ৰু শক্তি ৰাষ্ট্ৰ শক্তি” আখ্যাৰে যাত্ৰা আৰম্ভ কৰে।” চকাৰ ওপৰত পোষণ “বাছখন অহা তিনিদিনলৈকে ৰাণীগঞ্জ, নায়েৰলগা, মহামায়া শিশু উন্নয়ন প্ৰকল্প কাৰ্য্যলয়লৈ সজাগতা উদ্দেশ্যে যাত্ৰা কৰিব আৰু চাপৰ চাহ বাগিচা অঞ্চলটো প্ৰৱেশ কৰি আৱাসি সকলৰ মাজত পৰিপুষ্টি আৰু পোষণ মাহৰ সচেতনতা‌ উদযাপন কৰিব। মহকুমাত অৱস্থিত প্ৰত্যেকখন শিশু উন্নয়ন প্ৰকল্পলৈ যাত্ৰা কৰি শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, আৰু মাতৃ সকলক পৰিপুষ্টি সম্পৰ্কে সজাগতাৰ বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰা হ’ব। শিশু স্বাস্থ্যৰ উন্নতিৰ নিৰীক্ষণ, শিশু উচ্চতা আৰু ওজনৰ জোখমাখ, আৰু গভীৰ বিষমপুষ্টি আৰু মধ্যপন্থী পুষ্টিহীনতাত ভূগি থকা শিশুৰ বাবে অভিভাৱকক পুষ্টিৰ কাৰণে লবলগীয়া পদক্ষেপ আৰু দিহা পৰামৰ্শ পোষণৰ দ’লে প্ৰদান কৰিব আৰু সহায় কৰিবলৈ প্ৰয়াস কৰিব।

Leave A Reply