Breaking

গোৱালপাৰাৰ ৰংছাইত চাম্পায় হুৰিৰ প্রতিষ্ঠা দিৱস উদযাপন

0 578

ৰাভা জনগোষ্ঠীৰ ভাষা , সাহিত্য , সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা গ্ৰহন কৰি অহা অন্যতম সাহিত্য , সংস্কৃতি সামাজিক অনুষ্ঠান চাম্পায় হুৰিৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৫ ছেপ্টেম্বৰ তাৰিখে গোৱালপাৰা জিলাৰ ৰংছাই স্থিত নিজ কার্যালয় প্ৰাঙ্গনত দিনজোৰা কার্যসুচীৰে উদযাপন কৰা হয় ।প্ৰতিষ্ঠা দিৱসৰ কার্যসুচী অনুসৰি পুৱা চাৰে ন বজাত পতাকা উত্তোলন কৰে চাম্পায়হুৰিৰ সভাপতি নৰেন ৰাভা হাকাচামে ।দহ বজাত স্মৃতি তর্পন কৰে উপ সভাপতি বৰেন চন্দ্ৰ ৰাভাই ।


দিনৰ বাৰ বজাত চাম্পায় হুৰিৰ সভাপতি নৰেন ৰাভা হাকাচামৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা সাহিত্য চ’ৰা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি চাম্পায় হুৰিৰ প্ৰাক্তন সভাপতি , বিশিষ্ট সাহিত্যিক চাৰুমোহন ৰাভাই কয় যে ১৯৭৬ চনৰ ১৫ছেপ্টেম্বৰত জন্ম লাভ কৰা চাম্পায়হুৰিয়ে জন্ম লগ্নৰে পৰা ৰাভা জনগোষ্ঠীৰ ভাষা , সাহিত্য , সংস্কৃতিৰ উত্তৰণ , প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিশেষভাৱে ভুমিকা গ্ৰহন কৰি আহিছে ! যাৰ বাবে উক্ত সময়চোৱাক ৰাভা সাহিত্যৰ বুৰঞ্জীত ‘ চাম্পায় যুগ ‘ হিচাপে অভিহিত কৰা হয় ।


বিশিষ্ট নাট্যকাৰ , সাহিত্যিক প্ৰকাশ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্য চ’ৰা অনুষ্ঠানত বিশিষ্ট কবি কালিদাস ৰাভা হাটো , ধীৰেণ ৰাভা , বায়দা মহাবিদ্যালয়ৰ অধ্যক্ষ শান্তাৰাম ৰাভা , সাহিত্যিক শিবপ্ৰসাদ ৰাভা হাদু , চাম্পায়হুৰিৰ সম্পাদক ৰবীন্দ্ৰ ৰাভাই কবিতা পাঠ কৰি শুনোৱাৰ বিপৰীতে বিশিষ্ট সাহিত্যিক চাৰুমোহন ৰাভাই গল্প আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উপদেষ্টা ভৱেন ৰাভা দয়নাঙে ৰাভা স্তুতি মন্ত্ৰ গাই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Leave A Reply