Breaking

বিলাসী বাহনৰ উপৰিও বিলাসী চাইকেলৰ প্ৰতিও আকৰ্ষিত চেলিব্ৰিটিসকল; কাৰ কিমান দামী মূল্য চাইকেল আছে জানেনে…

0 56

ফিটনেছ সন্দৰ্ভত সদায় সতৰ্ক চেলিব্ৰিটিসকল। ফিটনেছৰ লগতে দামী দামী বাহন আৰু বাইকৰ প্ৰতিও আকৰ্ষিত বলীউডৰ বহু চেলিব্ৰিটিসকল। কিন্তু আজি আমি সেইসকল চেলিব্ৰিটিৰ কথা ক’ম যিসকলে দামী চাইকেল চলাই ভালপাই। ছুৰাজ পাঞ্চোলিৰ এখন চাইকেল আছে যাৰ মূল্য ৫.৫ লাখ।

অভিনেতা আয়ুষমান খুৰানা নিজৰ ফিটনেছৰ প্ৰতি অতি সচেতন, অভিনেতাজনে প্ৰায়ে চাইকেল চলাই। আয়ুষ্মানৰ হাতত প্ৰায় ৩ লাখ টকীয়া এখন চাইকেল আছে।

ৰণবীৰ কাপুৰঃ অভিনেতা ৰণবীৰ কাপুৰক প্ৰায়ে মুম্বাইৰ ৰাজপথত চাইকেল চলোৱা দেখা যায়। ৰণবীৰ কাপুৰৰ চাইকেলখনৰ মূল্য প্ৰায় ডেৰ লাখ টকা।

শ্বাহিদ কাপুৰঃ বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰো চাইকেল চলোৱাৰ প্ৰতি আকৰ্ষিত। অভিনেতাগৰাকীৰ চাইকেলৰ মূল্য ১ৰ পৰা ২ লাখৰ ভিতৰত।

ছলমান খানঃ ছলমান খানক প্ৰায়ে চাইকেল চলোৱা দেখা যায়। খবৰ অনুসৰি ছলমান খানৰ চাইকেলখনৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা।

ছাৰা আলী খানঃ বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান নিজৰ সৰলতাৰ বাবে বিখ্যাত। কেতিয়াবা সাধাৰণ ষ্টাইলত দেখা পোৱা ছাৰা চাইকেল চলোৱাৰ প্ৰতিও আকৰ্ষিত। অভিনেত্ৰীগৰাকীৰ হাতত আছে একন ১৫ হাজাৰ টকীয়া চাইকেল।

Leave A Reply