Breaking

নতুন শিক্ষানীতিত কেন্দ্ৰৰ অনুমোদন; ৩৬ বছৰৰ পিছত শিক্ষাত আমূল পৰিৱৰ্তন

0 45

সুদীৰ্ঘ ৩৬ বছৰৰ পিছত দেশৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিলে কেন্দ্ৰীয় চৰকাৰে। আজি কেন্দ্ৰীয় কেবিনেটে নতুন শিক্ষানীতিত অনুমোদন জনোৱাৰ লগে লগে দেশৰ শিক্ষা ব্যৱস্থাই নতুন দিগন্তৰ দিশে ধাবমান হ’ল।

সেই মৰ্মে দ্বাদশ শ্ৰেনীৰ বাবে বোৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হব। স্নাতক ৪ বছৰীয়া হোৱাৰ লগতে উচ্চ শিক্ষা গ্ৰহন কৰিবলৈ অনিচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰিব।

একেদৰে চতুৰ্থ বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে এবছৰত স্নাতকোত্তৰ কৰিব পাৰিব। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীয়ে পোনপটীয়াকৈ পিএইচডি কৰিব পাৰিব। নতুন শিক্ষানীতিত নৱম শ্ৰেনীৰ পৰা দ্বাদশ শ্ৰেনী পৰ্যন্ত ষান্মাসিকৰ ব্যৱস্থা কৰা হৈছে।

একেদৰে নাৰ্চাৰী শ্ৰেনীত ছাত্ৰ ছাত্ৰীৰ বয়স ধাৰ্য কৰা হৈছে ৪ বছৰ। একাদিক্ৰমে ধাৰ্য কৰা বয়স মৰ্মে নৱম শ্ৰেনীত ১৫ বছৰ আৰু দ্বাদশ শ্ৰেনীত ১৮ বছৰ হব ছাত্ৰ ছাত্ৰীৰ।

নতুন শিক্ষানীতিত এম-ফিল বন্ধ কৰা হৈছে। তেনেদৰে পঞ্চম শ্ৰেনী পৰ্যন্ত ছাত্ৰ ছাত্ৰীক স্থানীয় মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষাত পাঠদান কৰিব লাগিব। কেন্দ্ৰই নতুন শিক্ষানীতিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হোৱাৰ আশা প্ৰকাশ কৰিছে।

Leave A Reply