Breaking

কিছুমান বিশেষ খাদ্যই যৌন জীৱন অধিক সক্ৰিয় কৰি ৰাখিব পাৰে ! খাদ্যৰ জৰিয়তে অটুট ৰাখক আপোনাৰ পৌৰুষ সক্ষমতা…

0 75

কিছুমান বিশেষ খাদ্যই যৌন জীৱন অধিক সক্ৰিয় কৰি ৰাখিব পাৰে। অৰ্থাৎ কিছুমান বিশেষ আহাৰ খালে যৌনশক্তি বৃদ্ধি পায় আৰু বাৰ্ধক্যতো যৌন ক্ষমতা অটুট থাকে। অহৰহ মানসিক চাপ, বৃত্তিগত প্ৰতিযোগিতা, সীমাহীন ব্যস্ততা আদিয়ে ব্যক্তি এজনৰ যৌনজীৱনতো প্ৰভাৱ পেলায়। যৌন শক্তি বৃদ্ধি কৰি দাম্পত্য জীৱন অধিক আনন্দদায়ক কৰি তুলিব পৰা কেইবিধমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল-

মৌ:

পাৰস্যত পুৰণি কালত বিবাহৰ পিছত এমাহলৈ দৰা-কইনাক সদায় মৌ খাবলৈ দিয়া নিয়ম আছিল। আৰু ইয়াৰ পৰাই আজিৰ ‘হনিমুন’ শব্দৰ প্ৰচলন হৈছে। মৌত ভিটামিন ‘বি’ প্ৰচুৰ পৰিমাণে থাকে। ‘বি’ ভিটামিনে টেষ্টোষ্টেৰণ প্ৰস্তুত কৰাত সহায় কৰে। মৌ খোৱাৰ ফলত দৈহিক শক্তি বৃদ্ধি পায়।

ব্ৰাজিল নাট(Brazil Nuts):

ইটালিৰ পাডুৱা বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে আহাৰত ছেলেনিয়ামৰ অভাৱ ঘটিলে পুৰুষসকলৰ যৌনক্ষমতা কমি যায়। ছেলেনিয়ামে বীৰ্য কোষবোৰ ধ্বংস হোৱাত বাধা দিয়ে আৰু শুক্ৰাণুৰ সাঁতুৰিব পৰা ক্ষমতা জাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে ছেলেনিয়াম পোৱা যায়। সেয়ে দিনত তিনিটাকৈ ‘ব্ৰাজিল নাট’ খাই থাকিলে যৌনশক্তি বৃদ্ধি পায়।

মুগাবৰণীয়া চাউল:

ঢেঁকীত বনা মুগা বৰণীয়া চাউলত যথেষ্ট পৰিমাণে ‘বি’ ভিটামিন থাকে। ইয়াত মেগনেছিয়ামো প্ৰচুৰ পৰিমাণে থাকে। পেশীৰ গঠন শক্তিশালী কৰাৰ বাবে মেগনেছিয়াম অতিকৈ প্ৰয়োজন।

হট চকলেট:

হট চকলেটত থকা phenyl-ethylamine নামৰ উপাদানবিধে ড’পামাইন(dopamine) অধিক পৰিমাণে নিঃসৃত কৰে। ড’পামাইন নামৰ ৰাসায়নিক পদাৰ্থবিধে যৌনশক্তি বঢ়াই তোলে। ইয়াৰ লগতে গাখীৰত থকা কেলচিয়ামে স্নায়ুবোৰক অধিক সক্ৰিয় কৰি তোলে।

শামুক(Oysters):

শামুকত প্ৰচুৰ পৰিমাণে জিংক থাকে। জিংকে টেষ্টোষ্টেৰণ(Testosterone) উৎপাদনত সহায় কৰে। ইয়াৰ উপৰি শামুকত ডি-এছপাৰ্টিক এচিড(D-aspartic acid) আৰু NMDA(N-methyle-D-aspartate)থাকে। এই দুবিধ উপাদানে ছেক্স হৰমোন টেষ্টোষ্টেৰণ আৰু এষ্ট্ৰোজেন নিঃসৰণ হোৱাত সহায় কৰে।

তৰমুজ:

টেক্সাছৰ গৱেষকৰৰ দল এটিয়ে প্ৰমাণ পাইছে যৌন উত্তেজক টেবলেট এটাৰ সমানেই তৰমুজে কাম দিয়ে। উল্লেখ্য যে ভায়েগ্ৰা টেবলেটে Citrulline আৰু Arginine নামৰ উপাদান দুবিধৰ পৰিমাণ কমাই আনে। ইয়াৰ ফলত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় আৰু ই ৰক্তবাহী নলীৰে তেজ চলাচলত সহায় কৰে। তৰমুজ খালেও একেখিনি উপকাৰ পোৱা যায়।

মুৰ্গীৰ মাংস:

সুস্থ যৌনজীৱনৰ বাবে বীৰ্যৰ উৎপাদন বৃদ্ধি আৰু প্ৰজনন ক্ষমতা বৃদ্ধি তথা যৌন ইচ্ছা বঢ়াই তুলিবলৈ টেষ্টোষ্টেৰণৰ পৰিমাণ সঠিক পৰিমাণে থকা উচিত। টেষ্টোষ্টেৰণৰ উৎপাদন মূলতঃ নিৰ্ভৰ কৰে জিংক আৰু ‘বি’ ভিটামিনৰ ওপৰত। মুৰ্গীৰ মাংসত এই দুয়োবিধ উপাদান পোৱা যায়।

কল:

কলত থকা Bufotenine নামৰ উপাদানবিধে মানুহৰ ‘মুড’ ভালে ৰখাৰ লগতে আত্মবিশ্বাস আৰু যৌনশক্তি বঢ়ায়। ইয়াৰ উপৰি আটাইতকৈ বেছি উপকাৰ হয় ছালখনৰ।

পপকৰ্ণ:

বীৰ্যৰ গাঢ়তা, গুণাগুণ ঠিকে থাকিবলৈ হ’লে Arginine নামৰ উপাদানবিধৰ খুব প্ৰয়োজন। পপকৰ্ণত এই উপাদানবিধ পোৱা যায়। সেয়ে বীৰ্যৰ শক্তি বঢ়াবলৈ পপকৰ্ণ খোৱা উচিত।

জলকীয়া:

জলকীয়া খালে এণ্ডোৰফিন নামৰ উপাদানবিধ তিনিগুণ পৰিমানত নিৰ্গত হয়। এই উপাদানবিধে মনলৈ ‘ফিল গুড’ ধাৰণা আনি দিয়ে। জলকীয়া খালে স্নায়ুমাণ্ডলিক সক্ৰিয় কৰি তোলে।

Leave A Reply