Breaking

কৃতি শিক্ষক প্ৰদীপ কলিতালৈ পৰেশ বৈশ্য ফাউনণ্ডেছনৰ দ্বাৰা “চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েচন” সন্মান প্ৰদান…

0 42

হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক কৃতি শিক্ষক প্ৰদীপ কলিতালৈ ২০২২ বৰ্ষৰ পৰেশ বৈশ্য ফাউনণ্ডেছনৰ দ্বাৰা “চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েচন” সন্মান প্ৰদান কৰা হ’য়।ছাত্ৰ-ছাত্ৰী সকলক সহ: বিদ্যায়তনিক দিশত, অৰ্থাৎ সাহিত্য, সংস্কৃতি, গীত, নাটক, আবৃত্তি, অভিনয় ইত্যাদিৰে উদ্ধুদ্ধ কৰাৰ বাবে শিক্ষক প্ৰদীপ কলিতাই আগবঢ়োৱা শৈক্ষিক অৱদানৰ বাবে এই সন্মানৰ বাবে বিভূষিত কৰা হয়।

ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ কামৰূপ জিলাৰ কৃতি শিক্ষকৰ বটা আৰু ২০২২ বৰ্ষৰ ৫ ছেপ্তেম্বৰত উত্তৰ পূব পেৰামেডিকেল এণ্ড নাৰ্চিং ইনষ্টিটিউশ্যন নামৰ প্ৰতিষ্ঠানৰ উদ্যোগত কৃতি শিক্ষকৰ বঁটাও লাভ কৰিছিল শিক্ষক প্ৰদীপ কলিতাই।সমান্তৰালভালে শিক্ষক প্ৰদীপ কলিতাই সাহিত্য চৰ্চাৰ লগত জঢ়িত হৈ চাৰিখনকৈ গ্ৰন্থ ,আৰু আঠখনকৈ নাটক লিখি অসমীয়া সাহিত্যৰ অৱদান চহকী কৰি সুনাম বুটলিবলৈ সক্ষম হৈছে।

Leave A Reply