ভেৰগাঁৱত অমৃত সৰোবৰ আঁচনিৰ অধীনত সমূহীয়া মৎস্য পালনৰ পুখুৰী খননৰ শুভাৰম্ভ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত সোনাখাট- দাৰোগাখাটত আজি কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত ২৫ লাখ টকাৰে সমূহীয়া মৎস্য পালনৰ বাবে পুখুৰী খননৰ শুভাৰম্ভ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আৰু মুখ্যমন্ত্ৰী সমগ্ৰ আঁচনি আৰু এমজিএনৰেগা আঁচনিৰ পুঁজি ব্যয়ৰে ওদালগুৰি জিলাৰ ৭৫ টা পুখুৰী খননৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ শুভাৰম্ভ কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ২৫ লাখ টকা ব্যয়ৰে খনন কৰিবলগীয়া সমূহীয়া পুখুৰী ২৬ জানুৱাৰীলৈ সম্পূৰ্ণ হৈ উঠিব বুলি ব্যক্ত কৰে ৷

লগতে বিৰোধী দলে বিধানসভাত এক পক্ষ ভাবে বিধানসভা চলোৱাৰ অভিযোগ সন্দৰ্ভত কয় যে বিধানসভাত অধ্যক্ষ কাৰো মতে বিধানসভা নচলাই ‌,বিধানসভাৰ বিধি অনুসৰি বিধানসভা চলে বুলি মন্তব্য কৰে । অনুষ্ঠানত প্ৰকল্প সঞ্চালক ভাস্কৰ বৰুৱা, ওদালগুৰিৰ উপায়ুক্ত ডা° চাদনেক সিং, ভেৰগাঁও উন্নয়ন খণ্ড বিষয়া নিৰঞ্জয় মুছাহাৰীকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদল

Related Articles