Breaking

নলবাৰী জিলা দিৱসৰ ভলীবলত ‘পূব নলবাৰী ক’চিং চেণ্টা”ৰ চেম্পিয়ন

0 1,572

জিলা প্ৰশাসন, নলবাৰীৰ উদ্যোগত ১২ আগষ্টৰ পৰাই নলবাৰী গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত কৰা হৈছে নলবাৰী জিলা দিৱস। জিলা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে ১৩ আগষ্টত বিয়লী ৩ বজাত পূব নলবাৰী ক’চিং চেণ্টাৰ, বৰবৰী ভলীবল ক’চিং চেণ্টাৰ, কেঁহেৰুৱা ভলীবল দল আৰু চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ মহিলা দলৰ মাজত প্ৰীতি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত খেলৰ প্ৰথমখন ছেমি ফাইনেলত পূব নলবাৰী ক’চিং চেণ্টাৰে নলবাৰী ভলীবল ক’চিং চেণ্টাৰক ১-২ শ্বেটত হৰুৱাই। দ্বিতীয়খন ছেমি ফাইনেলত বৰবৰী ভলীবল ক’চিং চেণ্টাৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘক ২-১ শ্বেটত পৰাজিত কৰি চুড়ান্ত খেললৈ আগ্ৰগতি লাভ কৰে। সন্ধিয়া ৭-৩০ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত পূব নলবাৰী ক’চিং চেণ্টাৰে বৰবৰী ভলীবল ক’চিং চেণ্টাৰক ২-০ শ্বেটত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।

বিজয়ী আৰু বিজেতা দলক আজি (১৪ আগষ্টত) নলবাৰী নাট্যমন্দিৰত দিনৰ ১১-৩০ বজাত বঁটা বিতৰণ কৰা হয়। উক্ত সভাত উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্হ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা, পৰ্যটন বিভাগৰ মন্ত্ৰী তথা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, জিলা উপায়ুক্ত গীতিমণি ফুকন, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, ডাঃ ভূপেশ চন্দ্ৰ শৰ্মা, নলবাৰী জিলাৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, শাৰিৰীক নেৰ্দেশক ৰাজীৱ শৰ্মা, দেৱজৎ ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যাক্তি সকল।

Leave A Reply