Breaking

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ উদ্যোগত বহাগী মেলা’ৰ আয়োজন

0 64

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ ‘ইনকুবেচন এণ্ড ষ্টাৰ্ট আপ প্ৰগ্ৰাম’ৰ উদ্যোগত তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ আৰু টীয়ক প্ৰেছ ক্লাৱৰ সহযোগত অহা ১০, ১১ আৰু ১২ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে এখন ‘বহাগী মেলা’ৰ আয়োজন কৰা হৈছে।টীয়ক হস্পিটেল তিনিআলিত আয়োজন কৰা ‘বহাগী মেলা’খনত মহাবিদ্যালয়ত প্ৰতিপালিত ছাগলী, গাহৰি আদি প্ৰদৰ্শন কৰাৰ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে উৎপাদন তথা প্ৰস্তুত কৰা খাদ্য সামগ্ৰী বিশেষকৈ দৈ, চিৰা, আখৈ, হুৰুম, পিঠা, সান্দহ, গুৰ, আচাৰ, শাক-পাচলি, ফলমূল; জনজাতীয় বস্ত্ৰ, সাজ-পাৰ ইত্যাদি বিক্ৰী কৰা হ’ব।

‘বহাগী মেলা’ত চিংফৌ, কাৰ্বি, মিচিং আদি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য-সম্ভাৰেৰে এখন ‘জনজাতীয় খাদ্যৰ আখল’ বিশেষ সংযোজন কৰা হ’ব।বহুকেইটা স্থানীয় আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিবলগীয়া মেলাখনত স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা হ’ব। ১০ আৰু ১১ এপ্ৰিলৰ সন্ধ্যা মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা এটি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হ’ব। অনুষ্ঠানত দৃশ্য-শ্ৰাব্য মাধমেৰে মহাবিদ্যালয়ৰ ভিন্ন কৰ্মৰ চানেকিও প্ৰদৰ্শন কৰা হ’ব।’বহাগী মেলা’ৰ আয়োজক সমিতিৰ সভাপতি ড° বিজয় কৃষ্ণ পাচনী আৰু সম্পাদক ড° কৰবী গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সকলোৰে অংশগ্ৰহণ কামনা কৰিছে।

Leave A Reply