Breaking

চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্য ধ্বংস কৰিবলৈ দিয়া নহ’ব

0 1,544

ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে গ্রহণ কৰা প্রতিবাদী সমাৱেশত ড০ সমুজ্জ্বল ভট্টাচার্য

চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত দেওবাৰে প্রতিবাদী সমাৱেশ অনুষ্ঠিত হয়৷ পুৱা ১১ বজাৰ পৰা চন্দ্রপুৰৰ প্রতিখন গাঁৱৰ শ শ লোকে নাম গাই, গীত গাই প্রতিবাদ কৰাৰ উপৰি চৰকাৰবিৰোধী আৰু ডাম্পিং গ্রাউণ্ডবিৰোধী শ্লোগানেৰে চন্দ্রপুৰৰ আকাশ–বতাহ কঁপাই তোলে৷ প্রতিবাদী সমাৱেশত উপস্থিত হয় সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা তথা উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠনৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য৷

প্রতিবাদী সমাৱেশত উপস্থিত হৈ ড০ সমুজ্জ্বল ভট্টাচার্যই কয়– ডাম্পিং গ্রাউণ্ডবিৰোধী সংগ্রামত চন্দ্রপুৰবাসী অকলশৰীয়া নহয়, এই সমস্যা অসমৰ সমস্যা৷ সেয়েহে আজি মই আপোনালোকৰ সংগ্রামত আহি উপস্থিত হৈছোঁ৷ চন্দ্রপুৰ প্রাকৃতিকভাৱে অতি চহকী, মানুহবোৰ সহজ–সৰল, কিন্তু এটি সাংঘাতিক সংগ্রামী চেতনাৰ লোক৷ এই ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে সংগ্রামখন অহিংসভাৱে, ইমান শান্তিপূর্ণভাৱে অব্যাহত ৰাখিছে৷ তাৰ বাবে চন্দ্রপুৰৰ প্রতিগৰাকী সংগ্রামী নাগৰিকক অভিনন্দন জনালোঁ৷ এইসংগ্রাম ৰাইজে বিচৰা সিদ্ধান্ত নোপোৱালৈকে অব্যাহত ৰাখিব লাগিব৷ চন্দ্রপুৰবাসী ৰাইজে যেতিয়াইসদৌ অসম ছাত্র সন্থাক বিচাৰিব, তেতিয়াই আহি প্রতিবাদস্থলীত উপস্থিত হ’ব৷ তেওঁ লগতে কয় যে চন্দ্রপুৰৰ জনসাধাৰণে যুক্তিসংগতভাৱে ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে যুঁজ দিছে, এই কথা গণতান্ত্রিক চৰকাৰখনে শুনিব লাগিব৷ চন্দ্রপুৰৰ জনসাধাৰণে পুৰণি চন্দ্রপুৰ ঘূৰাই বিচাৰিছে আধুনিক চন্দ্রপুৰৰ ৰূপত৷ আৱর্জনা বিচৰা নাই৷ অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথাটো বিবেচনা কৰা উচিত৷ মুখ্যমন্ত্রীয়ে নিজে আহি চন্দ্রপুৰখন এবাৰ চাওক আৰু ৰাইজৰ আৱেগ–নুভূতিক ন্যায্য প্রদান কৰক৷ অন্যথা ইয়াৰ বিকল্প নাই৷ চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্প এপিজিচিএলএ কথা দিয়া ধৰণে ২৫০ মেগাৱাট শক্তি উৎপন্ন হ’ব পৰা এক প্রকল্পৰ কথা কৈছিল, এখন আন্তঃৰাষ্ট্রীয় পর্যায়ৰ খেলপথাৰৰ কথা কৈছিল আৰু এটা পর্যটকৰ বাবে আকর্ষণীয় অতিথিশালা নির্মাণৰ কথা কৈছিল৷ গুৱাহাটী পৌৰ নিগমৰ আৱর্জনা আন ঠাইত ৰাইজৰ অসুবিধা নোহোৱাকৈ পেলোৱাৰ ব্যৱস্থা কৰক৷ তাৰ পৰা সাৰ উৎপাদন কৰক, বিদ্যুৎ উৎপাদন কৰক৷ কিন্তু চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্যক ধ্বংস কৰিবলৈ দিয়া নহ’ব৷

এইক্ষেত্রত ৫২ নং দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই বলিষ্ঠ ভূমিকা লৈ চন্দ্রপুৰক ন্যায় দিয়ক৷ তেতিয়াহে ৰাইজে ক্ষান্ত হ’ব অন্যথা ধাৰাবাহিকভাৱে ইয়াৰ বিৰোধিতাত তীব্র গণতান্ত্রিক প্রতিবাদ অব্যাহত থাকিব৷ আজিৰ প্রতিবাদী সমাৱেশত অংশ লয় সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্রজ্ঞান ভূঞা, সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি, জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলী, গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথ, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি উল্লাস উদীপ্ত বৰাকে প্রমুখ্য কৰি ভালেসংখক ছাত্র সন্থাৰ বিষয়ববীয়া তথা ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ আহ্বায়ক বিষ্ণুৰাম বডো, জগন্নাথ ৰাজবংশী, শিৱ ৰাজবংশী, ভোজৰাজ ছেত্রী, তাজিৰুদ্দিন আহমেদ, ৰাজেন আবাং, নিতুল কলিতাকে প্রমুখ্য কৰি সহস্রাধিক চন্দ্রপুৰৰ লোকে৷ প্রতিবাদী সমাৱেশৰ অন্তত মুখ্য উপদেষ্টাৰ নেতৃত্বত সঁজাতী দলটোৱে ১৪ জুলাইত আৰক্ষীৰ লাঠীৰ কোবত আঘাতপ্রাপ্ত হোৱা ৰূপম কলিতাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয়৷ চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চই পুনৰ ২০ জুলাইত হাজোংবৰীস্থিত ভূমি বন্দৱস্তি আৰু প্রাধিকাৰীৰ কার্যালয়ত দিনৰ ১১ বজাৰ পৰা সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰিব৷

Leave A Reply