Breaking

কামৰূপৰ দীৰ্ঘেশ্বৰীত চৌধুৰী বয়জ চেম্পিয়ন

0 107

কামৰূপ জিলাৰ উত্তৰ -গুৱাহাটীৰ দীৰ্ঘেশ্বৰী ডেকাবাৰী উত্তৰ ফুলুং খেল পথাৰত মা দীৰ্ঘেশ্বৰী নৱমিলন ক্লাবৰ উদ্যোগত দীৰ্ঘেশ্বৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সহযোগত সদৌ অসম ভিত্তিক তিনিদিনীয়াকৈ অনুষ্ঠিত দিবা নৈশ প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত চৌধুৰী বয়জ ক্ৰিকেট দলে বিজয় শিতাপ দখল কৰিবলৈ সক্ষম হয়।

ৰবিবাৰে নিশা অনুষ্ঠিত হোৱা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল খনত মুখ্যমন্ত্ৰীৰ OSD তথা দুৰ্দান্ত খেলুৱৈ হেমন্ত চৌধুৰীৰ দল “চৌধুৰী বয়জে” H. B. D. ক্ৰিকেট ক্লাবক পৰাস্ত কৰি বিজয় সিতাপ দখল কৰে। ৩০ তাৰো অধিক দলে অংশগ্ৰহণ কৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত খেলৰ বিজয়ী দল চৌধুৰী বয়জক প্ৰথম পুৰস্কাৰ ৬০,০০০ টকা লগতে ট্ৰফী আৰু ৰানাৰ-আপ টিমক দ্বিতীয় পুৰস্কাৰ ৩০,০০০ টকা লগতে ট্ৰফী প্ৰদান কৰা হয়। মেন অফ দ্য মেথচ্ চৌধুৰী বয়জ টিমৰ আৰ্গৌ চৌধুৰী মেন অব দা চিৰিচ চৌধুৰী বয়জৰ কমল কলিতাক প্ৰদান কৰা হয়।

Leave A Reply