Breaking

মাহি-সাক্ষীৰ পৰা ছেইফ-কৰীনালৈ কোন দম্পতীৰ সাজ-পোছাক সৰ্বোত্তম, চাওক…

0 18

মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত বহু তাৰকাক দেখা গ’ল। অনুষ্ঠানত নিজৰ ষ্টাইলেৰে জিলিকি উঠিছে বলীউডৰ তাৰকাসকল। বিভিন্ন সাজ-পোছাক পিন্ধা দেখা গৈছিল দম্পতীক। কৰীনা ছেইফৰ পৰা মাহী-সাক্ষীলৈকে অতি মনোমোহা ছবি ওলাইছে। এই ছবি সমূহত মাহি-সাক্ষীক বৰ ধুনীয়া দেখা গৈছে।

এই অনুষ্ঠানত ছেইফ আৰু কৰীনাকো দেখা গ’ল। ছেইফ আলী খানক দেখা গ’ল ক’লা চুট পিন্ধা, তেওঁক বহুত ধুনীয়া দেখা গৈছে। মেচিং ৰঙৰ ট্ৰাউজাৰো পিন্ধিছে। পুত্ৰ টাইমুৰ আলী খানক ক’লা টাক্সেডো চুট পিন্ধি বৰ মৰমলগা দেখা গৈছিল। কৰীনাৰ সৌন্দৰ্য অতি মনোমোহা। বেঙুনীয়া ৰঙৰ শাৰী পিন্ধা কৰীনাক ধুনীয়া আৰু ষ্টাইলিছ দেখা গৈছিল। দুয়োকে একেলগে বৰ মৰমলগা দেখা গৈছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক তেওঁৰ স্বামী জেৰেড কুছনাৰৰ সৈতে বৰ ধুনীয়া দেখা গৈছিল।

Leave A Reply