নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰৰ মাজেৰে যোৱা ঐতিহাসিক দিজৌখনা জানত এটা উদ্যোগৰ পৰা তেলজাতীয় কেমিকেল পেলাই দিয়াৰ ফলত মাছৰ মৃত্যু হোৱা ঘটনাই শিমলুগুৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিমলুগুৰিৰ ৰেলৱে ক্ৰচিঙৰ সমীপৰ মছকৰা নামৰ ব্যৱসায়ী জনৰ মাটিত ভাৰাতীয়া হিছাপে থকা অএনজিচিৰ এটা কেমিকেল গুডামৰ পৰা প্ৰায়ে জানটোত কেমিকেল পেলাই থকাৰ অভিযোগ উঠি আহিছে৷

এনে কেমিকেলৰ প্ৰকোপত জানটোত থকা মাছৰ মৃত্যু হোৱাৰ লগতে এনে মৰা মাছ খাই হাঁহ ,কুকুৰাৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে।এই সংক্ৰান্তত স্হানীয় ৰাইজে আৰক্ষীক অবগত কৰি প্ৰশাসনে বিহীত ব্যৱস্থা লবলৈআহ্বান জনাইছে৷

