Breaking

চেঙাৰ কাছুমাৰা আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে সফল অভিযান

0 44

চেঙাৰ কাছুমাৰা আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে সফল অভিযান । বৰপেটাৰ চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাওঁৰ আলফাজ আলীৰ ঘৰত জুৱা খেল চলি থকা বুলি গোপন খবৰ দিয়ে।

গোপন খবৰৰ ভিত্তিত কাছুমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত চলা অতৰ্কিত অভিযানত কাছুমাৰা থানাৰ অন্তৰ্গত কামাৰপাৰাৰ জাকিৰ হুছাইন(৪০),নিৰ’লাৰ মাজম আলী(৩৬),ৰসিদ আলী(৪৩),পশ্চিম বাঘেৰচৰৰ আব্দুল আলম(৩২),কাৰাইখাইতিৰ জামাল উদ্দিন(৪০) আৰু আলোপতি থানাৰ অন্তৰ্গত ১ নং সুখোৱাৰঝাৰৰ ছাকাত হুছাইন(৩৩) আটক কৰিবলৈ সক্ষম হয়।

লগতে জুৱাৰী সকলোৰ পৰা তাচ,ছয়টাকৈ মোবাইল ফোন ,চাৰি খন বাইক গাড়ী সহ নগদ ১৬৭০০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে কাছুমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰজু কৰি আজি জুৱাৰী ৬ জনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

Leave A Reply