Breaking

‘মুখ্য মন্ত্ৰীৰ ক’ভিড বিধৱা সাহাৰ্য্য আঁচনিৰ’ চেক বিতৰন

0 2,270

 বুধবাৰে অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীৰ ক’ভিড বিধৱা সাহাৰ্য্য আঁচনি’ৰ অধীনত নলবাৰী জিলাত দ্বিতীয় পৰ্য্যায়ত ১৮ গৰাকী হিতাধিকাৰীৰ মাজত আঢ়ৈ লাখ টকাকৈ চেক বিতৰণ কৰে।উল্লেখ্য যে যোৱা জুলাই মাহত প্ৰথম পৰ্য্যায়ত ৩৫ গৰাকী হিতাধিকাৰীৰ মাজত এই চেক বিতৰণ কৰা হৈছিল। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু উপায়ুক্ত গীতিমণি ফুকন সহিত বুধবাৰে বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত সভাখনত অভিভাৱক মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী অন্যান্য গুৰুত্বপূৰ্ণ আঁচনিসমূহ যেনে- অৰুনোদয়, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ পেঞ্চন আঁচনি, অটল অমৃত যোজনা, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু এই আঁচনি সমূহৰ অধীনত পাবলগীয়া সুবিধা বা প্ৰাপ্য সহজতে, সময়মতে আৰু সঠিকমতে পাই আছে নে নাই তাৰ বিষয় সন্দৰ্ভত সবিশেষ বুজ লয়। মন্ত্ৰী গৰাকীয়ে একেখন সভাতেই কেইটামান বিভাগৰ কামৰ পৰ্য্যালোচনাও কৰে । বৰ্তমানৰ ক’ভিডৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা সফলতাৰে চলাই অহা যুঁজখন আৰু অধিক ফলপ্ৰসু কৰাৰ বাবে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চলকক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ১০০% ক’ভিড টীকাকৰণ শুনিশ্চিত কৰিবলৈ কয়।তেখেতে লগতে কয় যে – পৰৱৰ্তী সময়ত ক’ভিডৰ তৃতীয়টো ঢৌ আহিলেও অৰ্থনীতিৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লক ডাউন ঘোষনাৰ পৰা বিৰত থকাৰ এটা পৰিকল্পনাত আছে আৰু তেনেস্থলত ক’ভিডৰ সৈতে সহাৱস্থান কৰি আগুৱাই যাওঁতে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো দুয়োপালি গ্ৰহণ কৰাসকল ক’ভিডৰ কৱলত কোনো প্ৰকাৰে পৰিলেও বৰ বেছি এটা ক্ষতিৰ সন্মুখীন হ’বলগীয়া নহ’ব। সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা বিতৰণ কৰি থকা পুষ্টিকৰ খাদ্য সামগ্ৰী শিশুসকলে সময়মতে পাই আছে নাই তাৰো বুজ লয়। তেখেতে খাদ্য সামগ্ৰী সমূহ আকৰ্ষণীয় পেকেটিং কৰি দিয়াৰো পৰামৰ্শ আগবঢ়ায়। ঠিক সেইদৰে মন্ত্ৰী গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা ‘জল জীৱন মিছন’ৰ কামৰো অগ্ৰগতিৰ বুজ লয় আৰু নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াক কঠোৰভাৱে সঁকিয়াই দিয়ে। ইতিমধ্যে লৈ থোৱা কামসমূহ সম্পুৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰসকলক নতুন কোনো কাম নিদিয়াৰ বাবেও মন্ত্ৰী গৰাকীয়ে সকলো বিভাগকে সাৱধান কৰি দিয়ে।আজিৰ এই সভাত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা আৰু মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত গোস্বামী, বিশিষ্ট সমাজকর্মী মৃগাংক তালুকদাৰ, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে-কল্পনা ডেকা, ফিৰদৌছ আলম, সম্প্ৰীতি গোস্বামী আৰু ছয়নিকা ঠাকুৰীয়া, মহকুমাধিপতি (সদৰ) সঞ্জীৱ ফুকন আৰু জিলা প্ৰশাসনৰ অন্যান্য সংশ্লীষ্ট বিষয়াবৰ্গ উপস্থিতি থাকে।

Leave A Reply