Breaking

হাজোত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত উন্নত চিকিৎসাৰ সাহায্যাৰ্থে দুশগৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰনী অনুষ্ঠান সম্পণ্ণঃ উপস্থিত বিধায়িকা সুমন হৰিপ্ৰীয়া

0 1,053

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত আজি বিভিন্ন ৰোগত আক্ৰান্ত দুশ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰন কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।মুখ্যমন্ত্ৰী সাহায্য পুজিৰ অধীনত উন্নত চিকিৎসাৰ সাহায্যৰ্থে বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত অনুস্থিত চেক বিতৰনী অনুস্থানত অংশ গ্ৰহণ কৰি ৰোগক্ৰান্ত হিতাধিকাৰীৰ সকলৰ আশু আৰোগ্য কামনাৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই কয় ,আমাৰ ৰাজ্য খনত কৰ্কট ৰোগীৰ সংখ্যা অধিক ।মানুহে কয় বিড়ি, চিগাৰেট তথা ধপাত যুক্ত বস্তু সেৱন কৰিলে কৰ্কট ৰোগ হয় ।কিন্তু ধপাত যুক্ত বস্তু সেৱন নকৰা মানুহৰো কৰ্কট ৰোগ পৰিলক্ষিত হোৱাৰ কাৰন হ’ল পানী ,ৰসায়নিক যুক্ত খাদ্য । সেয়েহে হিতাধিকাৰী সকলক বিশুদ্ধ খোৱা পানী ,ৰাসায়নিক মুক্ত খাদ্য খাবলৈ আহ্বান জনোৱাৰ ওপৰিও তেওঁৰ ভাতৃৱো কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি কৈ প্ৰয়াত ভাতৃক সুঁৱৰি মঞ্চতেই চকুলো টুকে।

চেক বিতৰনী অনুস্থানত যুৱনেতা ভাস্কৰ ভড়ালী,ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ উপ সভাপতি নগেন মালাকাৰ ,২নং গাঁও পঞ্চায়ত ৰ সভানেত্ৰী তিলমা মেধি ,১নং গাঁও পঞ্চায়য়তৰ সভানেত্ৰী টুটুমণি দাস,আঞ্চলিক সদস্য ৰিজু তালুকদাৰ,ৰমেন বেজবৰুৱা,অপূৰ্ব মজুমদাৰকে প্ৰমুখ্যে হাজো অঞ্চলৰ প্ৰায়সংখ্যক বিজেপিৰ নেতা কৰ্মী আৰু সহস্ত্ৰাধিক ৰাইজ উপস্থিত থাকে ।

Leave A Reply