Breaking

নলবাৰী জিলা উপায়ুক্তৰ সভাকক্ষত ‘অসম কৰ্মচাৰী প্ৰণাম আইন’ সম্বন্ধে আয়োগৰ মুখ্য আয়ুক্ত ভি. বি. প্যাৰেলালৰ গুৰুত্বপূৰ্ণ সভা সম্বোধন…

0 87

বর্ষীয়ান তথা অৱহেলিত পিতৃ-মাতৃ আৰু পৰনিৰ্ভৰশীল দিব্যাংগ ভাতৃ-ভগ্নীৰ সন্মানেৰে জীয়াই থকাৰ অধিকাৰক আইনী মৰ্য্যদা প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰণয়ন কৰা ‘অসম কৰ্মচাৰী প্রণাম আইন’ (অসমৰ কৰ্মচাৰী সকলৰ অভিভাৱকৰ প্রতি দায়িত্ব আৰু দায়বদ্ধতাৰ নিৰ্দেশনা তথা নিৰীক্ষণ আইন,২০১৭ ) অথবা চমুকৈ ‘প্ৰণাম আইন’ সম্পৰ্কে আজি নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়।

নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকন, নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত মুন গগৈ, অতিৰিক্ত উপায়ুক্ত ক্ৰমে-ছয়নিকা ঠাকুৰীয়া আৰু সুস্বপ্না কাকতি, চক্ৰ বিষয়সকল, বিভাগীয় মুৰব্বী বিষয়া ও আৰ্থিক আহৰণ আৰু বিতৰনকাৰী বিষয়াসকল (DDOs),  কোষাগাৰ প্ৰাধিকাৰী তথা অন্যান্য সংশ্লিষ্ট সকলৰ উপস্থিতিত ‘প্ৰণাম আইন’ৰ ওপৰত আজিৰ এই বিশেষ সজাগতামূলক সভাখন সম্বোধন কৰে প্ৰণাম আয়োগৰ মুখ্য আয়ুক্ত অৱসৰ প্ৰাপ্ত আই. এ. এছ বিষয়া ভি. বি. প্যাৰেলালে ।

সভাত মুখ্য আয়ুক্ত গৰাকীয়ে উপস্থিত সকলোকে অৱগত কৰে যে অসমৰ বৰ্তমানৰ  মুখ্যমন্ত্ৰীৰ একক চিন্তা আৰু প্ৰচেষ্টাৰ ফচল এই আইনখন এক অভিনৱ আইন আৰু সমগ্ৰ ভাৰতৰ ভিতৰত অসমেই বৰ্তমানলৈকে এই আইন প্ৰণয়ন কৰা একমাত্ৰ ৰাজ্য । তেখেতে সভাখন সম্বোধন কৰি ৰাইজক এই নতুন আইনখনৰ বিষয় অৱগত কৰি ইয়াৰ সুবিধা সমূহৰ প্ৰতি সজাগ আৰু এই আইনৰ আওতালৈ আহিব পৰা হিতাধিকাৰীৰ বিষয়ে এক স্পষ্ট ধাৰণা দিয়াৰ চেষ্টা কৰাই আজিৰ সভাৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে ।


এই আইনখনে মূলতঃ চৰকাৰী কৰ্মচাৰী, চৰকাৰী প্ৰতিষ্ঠান, ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলক আইনৰ পৰিধিৰ ভিতৰত সামৰি লৈ চৰকাৰৰ দ্বাৰা প্ৰস্তুত নিৰ্দিষ্ট ব্যৱস্থাৱলীৰে সঠিক সময়ত ন্যায় প্রদান কৰা । অসম চৰকাৰৰ কৰ্মচাৰীৰ কোনো দিব্যাংগ ভাতৃ-ভগ্নী বা অভিভাৱক যদি আর্থিকভাবে অবহেলিত হয়, তেন্তে তেওঁলোকে দাবী কৰিলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ মাহিলী বেতনৰ পৰা ১০ শতাংশ ধনৰাশি (আৰু বিশেষ পৰিস্থিতিত ১৫ শতাংশ পর্যন্ত) আর্থিক সাহায্যৰূপে প্ৰদান কৰা হ’ব।

যদি চৰকাৰী কৰ্মচাৰী এজনৰ অৱসৰৰ আগতে মৃত্যু হয়, তেন্তে তেওঁৰ নিৰ্ভৰশীল আৰু আর্থিকভাৱে অবহেলিত পিতৃ-মাতৃ বা দিব্যাংগ ভাই-ভনীসকলে পত্নী/উত্তৰাধিকাৰীয়ে লাভ কৰা সহানুভূতিশীল পেঞ্চনৰ (Compassionate Pension) ১০% (আৰু ব্যতিক্রমী ক্ষেত্ৰত ১৫%) লৈকে ক্ষতিপূৰণ দাবী কৰিব পাৰিব। অৱশ্যে এইটো পাৰিবাৰিক পেঞ্চনৰ (Family Pension) ক্ষেত্ৰত প্রযোজ্য নহয়।


এই বিষয়ক আবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰ্থিক আহৰণ আৰু বিতৰনকাৰী বিষয়া সকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। আবেদনকাৰীয়ে প্ৰথম নিজৰ আবেদন DDO সকলৰ ওচৰত দাখিল কৰিব পাৰিব আৰু DDO সকলে আবেদনৰ যোগ্যতা নিৰূপন কৰি ৯০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব লাগিব। যদি মনোনীত কৰ্তৃপক্ষই কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ আবেদন গ্ৰহণ নকৰে বা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন  নিষ্পত্তি নকৰে তেন্তে  প্ৰণাম আয়োগৰ তৰফৰ পৰা প্রতিদিনে ১০০ টকাৰ জৰিমনা বিহাৰো ব্যৱস্থা আছে।


সীমিত সময়সীমাৰ ভিতৰত ডিডিঅ’জনে যদি বিষয়টো নিষ্পত্তি কৰাত অসমৰ্থ হয় অথবা কৰ্মচাৰীজনে, অভিভাৱকে বা দিব্যাংগ তা- ভগ্নীসকলে যদি মনোনীত কৰ্তৃপক্ষই জাৰী কৰা নিৰ্দেশত অসন্তুষ্ট হৈ পৰে তেনেহ’লে প্রথম আপীলকর্তা বিষয়াৰূপে থকা সংমণ্ডলৰআয়ুক্তৰ ওচৰত আবেদন কৰিব লাগিব। সংমণ্ডলৰ আয়ুক্তজনে যদি ৬০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব নোৱাৰে অথবা সংশ্লিষ্ট যিকোনো পক্ষই উক্ত নির্দেশত অসন্তুষ্ট হয় তেনেহ’লে তেওঁলোকে প্রণাম আয়োগৰ ওচৰত আৱেদন কৰিব পাৰিব। তেতিয়া প্রনাম আয়োগে ৯০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব আৰু আয়োগৰ সিদ্ধান্তই চূড়ান্ত আৰু সমর্থনযোগ্য হ’ব।


আজিৰ সভাত আয়োগৰ মুখ্য আয়ুক্ত প্যাৰেলাল মহোদয়ে আইনখনৰ সৈতে জড়িত বিভিন্ন দিশ সম্বন্ধে উপস্থিত বিষয়াবৰ্গৰে মত বিনিময় কৰে আৰু আইনখন কাৰ্যক্ষেত্ৰত ফলপ্ৰসু কৰি তোলাৰ ক্ষেত্ৰত সকলোৰে সক্ৰিয় সহযোগিতাৰ কামনা কৰে ।
-ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply