Breaking

শোণিতপুৰৰ বিকাশ আৰু উত্তৰণৰ বাবে ১৩ হেজাৰ ৭০ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

0 16

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যোৱা ২৯ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈকে অসম চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰে আজি শোণিতপুৰ জিলাখনৰ বাবে সৰ্বমুঠ ১৩ হেজাৰ ৭০ কোটি টকাৰ আঁচনিলৈ জিলাখনৰ ঘোঁৰামাৰী খেলপথাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত জিলাখন বহুদূৰ আগবাঢ়ি যাব বুলি মন্তব্য কৰে। অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বৰছলাৰ বিধায়ক গণেশ লিম্বু, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে একাংশ দলীয় শীৰ্ষ নেতাৰ উপস্থিতিত কেবা সহস্ৰাধিক জনতাৰ সন্মুখত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিলাখনৰ বৰছলা সমষ্টিত ৩৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আদৰ্শ আবাসিক বিদ্যালয়, ১৪৮ কোটি টকা ব্যয়ৰে অসম মালা আঁচনিৰ সুদীৰ্ঘ পকী পথ, জলজীৱন মিছন আঁচনিৰ অধীনত ৫৫ কোটি টকা ব্যয়েৰে ৪৬ খন পানী যোগান আঁচনি, তেজপুৰ সমষ্টিত স্বদেশ দৰ্শন আঁচনিৰ অধীনত তিনি কোটি টকা ব্যয়ৰে পৰ্যটনৰ স’তে জড়িত কেন্দ্ৰ, বালিপৰা নতুন আদৰ্শ মহাবিদ্যালয়, ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামকে ধৰি বহুকেইটা আঁচনিৰ শুভাৰম্ভ তথা উদ্বোধন কৰাৰ লগতে ৮৬৮ বিঘা মাটি সামৰি ৩৩৩ কোটি টকা ব্যয় সাপেক্ষে ৫০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ চ’লাৰ প্ৰকল্প, তেজপুৰৰ পৰোৱা চাৰিআলিৰ পৰা তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথৰ অসম মালা আঁচনিৰ ১১১ কোটি টকীয়া পথ নিৰ্মাণকে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত বৰ্তমান বিকাশৰ যাত্ৰা অব্যাহত আছে ।

যোৱা ২৯ ফেব্ৰুৱাৰীত পুনৰ এনে বিকাশৰ যাত্ৰা সন্মুখত লৈ ৰাজ্যজুৰি আৰম্ভ কৰা বিকাশ উৎসৱত এইবাৰ ২৩ হেজাৰ কোটি টকাৰে ৰাজ্যখনত বিভিন্ন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ লক্ষ্য স্হিৰ কৰি লোৱা হৈছে বুলি সদৰি কৰি তেওঁ কয় “আজি আমি শোণিতপুৰৰ ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা ইত্যাদি সমষ্টি সামৰি সৰ্বমুঠ ১৩৭০ কোটি টকাৰ বিভিন্ন আঁচনি শুভাৰম্ভ আৰু উদ্বোধন কৰিছো । আমাৰ চৰকাৰৰ দিনত এতিয়া ৰাজ্যৰ ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় পাব । ছোৱালীৰ শিক্ষাৰ দায়িত্ব এতিয়া সম্পূৰ্ণ চৰকাৰৰ । আমি ছোৱালীৰ শিক্ষাৰ বাবে নিযুত মাইনা নামৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছো । আজি অসমত ছেমি কণ্ডাক্টৰ নিৰ্মাণ প্ৰকল্প মুকলি হৈছে । আমি শিক্ষাৰ বিকাশৰ বাবে তিনিশ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আঠ কোটিকৈ টকা দিছো । আগতে ৰাইজে উন্নয়নৰ বাবে টকা বিচাৰি সাংসদ, বিধায়কৰ ঘৰে ঘৰে বাবলগীয়া হৈছিল, এতিয়া সেই দিন নাই, সেই পৰিৱেশ নাই । আমি বিগত ৪০ দিনত অসমত এতিয়ালৈকে ৯০ হেজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰিছোঁ ।”তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে লাচিত বৰফুকন, চৰ্দাৰ বল্লভ ভাই পেটেলৰ দৰে মহান পুৰুষৰ বিশালকায় প্ৰতিমূৰ্তি সাজি তেওঁলোকক সন্মান দিছে । বসুন্ধৰা আঁচনি ২. ০ ৰ যোগেদি চৰকাৰে এতিয়ালৈকে অসমত ২১ লাখ লোকক ভূমি পট্টা দিছে বুলিও উল্লেখ কৰি ড° শৰ্মাই আৰু কয় “আমি অসমত উন্নয়নমূলক কাম কৰিবলৈ যাওঁতে বিৰোধীয়ে সমালোচনা কৰিছিল , আমি তাৰ প্ৰত্যুত্তৰ কামেৰে দিবলৈ সক্ষম হৈছোঁ । অসমত ২৮ লাখ মহিলাই অৰুণোদয় লাভ কৰিছে । এইবাৰ আমি শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী ৰঞ্জিৎ দত্তক কেইবালাখ ভোটত জিকাব লাগিব । অৰুণোদয় পোৱা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ বীমা চৰকাৰে কৰিব ।”উল্লেখ্য যে,
মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেল ব্যৱস্থাৰে শোণিতপুৰৰ বিভিন্ন স্থানৰ প্ৰকল্পসমূহ মুকলি কৰাৰ লগতে বালিপৰা মডেল ডিগ্ৰী কলেজৰ উদঘাটন, বালিপৰা ষ্টেচনত লাচিত এক্সপ্ৰেছ ৰে’লৰ ষ্ট’পেজ, ৰঙাপৰা সমষ্টিত অসম মালা আঁচনিৰ অধীনত কেইবাটাও পথৰো উদ্বোধন কৰে ।

অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙাপৰা সমষ্টিৰ তিনিখনকৈ চাহ বাগিছাৰ মালিকক চৰকাৰীভাৱে বিনামূলীয়া এম্বুলেঞ্চৰ চাবি অৰ্পণ কৰে । আজিৰ বিশাল সভাতেই শোণিতপুৰৰ সৰ্বমুঠ ৩২ খনকৈ চাহ বাগিছাত এম্বুলেঞ্চ দিয়া হয় । উল্লেখ্য যে, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে শোণিতপুৰ জিলা অনাগত সময়ত বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ’ব। ”তেওঁ সংবাদমাধ্যমৰ আগত মুছলমানৰ তালাক প্ৰথা বিলুপ্তি আৰু বাল্যবিবাহ বন্ধ কৰাৰ পিছত এতিয়া মুছলমান সম্প্ৰদায়ৰ ছোৱালী আৰু বোৱাৰী এতিয়া আমাৰ মূল হিতাধিকাৰী বুলি মন্তব্য কৰাৰ লগতে কা আন্দোলনে আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি বুলি সোধাত পেলাবও পাৰে বুলি মন্তব্য কৰে। আনহাতে কা যদি বাতিল হ’ব লাগে ৰাজপথত আন্দোলন কৰি উন্নয়নৰ পৰিৱেশ বিনষ্ট কৰিব নেলাগে বুলি মন্তব্য কৰি তেওঁ বিদ্বৎ সমাজ উচ্চতম ন্যায়ালয়ৰ কাষ চাপক বুলি উল্লেখ কৰি আৰু কয় যে,তেতিয়াহে এই ক্ষেত্ৰত ফলৱতী হ’ব পাৰিব৷

Leave A Reply