কাইলৈ যোৰাবাট আৰু বৰ্ণিহাটত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই; ৰাণীৰ পৰা জিৰাঙলৈ বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ…

মেঘালয় বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ আন বিধানসভা সমষ্টিৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আৰু প্ৰায় ৪১ হাজাৰ ভোটাৰ থকা ১০ নম্বৰ জিৰাং সমষ্টিতো নিৰ্বাচনী তৎপৰতা তুংগত উঠা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে সমিষ্টিটোৰ কুৰি শতাংশ গাঁও লাগি আছে অসমৰ পশ্চিম গুৱাহাটীত। আনকি সেই গাঁও সমূহৰ বেছিভাগেই মেঘালয়ৰ জিৰাং সমষ্টিৰ দৰে অসমৰ পশ্চিম গুৱাহাটী সমষ্টিটো ভোটদান কৰি আহিছে। দ্বৈত ভোটাৰ হিচাপে পৰিচিত গাঁও সমূহৰ সৰহ সংখ্যকেই আছে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত। দুখনমান আছে পলাশবাৰী সমষ্টিত।

ইফালে সমষ্টিটোত এইবেলি মুঠ ৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। কিন্তু ৰাজনৈতিক সমীক্ষক সকলে মূল প্ৰতিদ্বন্দিতা বৰ্তমানৰ এন পি পি দলৰ বিধায়ক ছটনেশ চতুন আৰু প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ মহিলা মৰ্চাৰ মেঘালয় ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদিকা ৰিয়া চাংমাৰ মাজতে সীমাবদ্ধ থাকিব বুলি মত ব্যক্ত কৰিছে । ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন , মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি অসম বিজেপিৰ কেবাজনো নেতা , কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আদিয়ে সমষ্টিটোত দলৰ প্ৰাৰ্থী ৰিয়া চাংমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

তেনেদৰে ২৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ গাতে লাগি থকা যোৰাবাট আৰু বৰ্ণিহাটত বিজেপিৰ প্ৰাৰ্থী ৰিয়া চাংমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। জিৰাং সমষ্টিৰ পৰা যিকোনো প্ৰকাৰে দলৰ প্ৰাৰ্থী ৰিয়া চাংমাক বিজয়ী কৰাবলৈ অসম বিজেপিৰ নেতা সকলে সৰ্বশক্তি প্ৰয়োগ কৰিছে। আজি বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাই পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তৰ ৰাণীৰ গাতে লাগি থকা মেঘালয়ৰ গনপতি , নতুন বাতাবাৰী , শুকুৰবৰীয়া , সৰু পাহাম , নিউ জিৰাং আদিত কেবাখনো নিৰ্বাচনী সভাত ভাগ লৈ সমষ্টিৰ লগতে তেওঁক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।

সমিষ্টিটোত প্ৰাৰ্থীৰ জয় – পৰাজয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা বাবে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত মেঘালয় সীমান্তত থকা গাঁও সমূহত প্ৰাৰ্থী সকলে অধিক প্ৰচাৰ চলোৱা দেখা গৈছে । তাৰ ভিতৰত ৰাণীবাৰী , ভালাখোৱা , পাটগাঁও ,বাকৰাপাৰা ,শালসেৰ , বিলপাৰ , জিমিৰগাঁও , উমচুৰ ,ডুমোপাহাম , কন্ঠমপাহাম , নংটাৰী , আমৰিং , ডেকাপথাৰ , নুমলিপথাৰ , জালুকপাহাম , মাতাং , উলুবাৰী , গড়ভাঙা , পাহাম জিলা , নতুন গড়ভাঙা , দলেপাহাম , উমচেং , উমক্ৰেম , গণপতি , মৈৰাপুৰ , নতুন বাতাবাৰী , পুৰাণ বাতাবাৰী আদিত প্ৰাৰ্থী সকলে অধিক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

ইফালে প্ৰচাৰ অভিযানৰ সময়ত ৰাণীত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত বিজেপিৰ প্ৰাৰ্থী ৰিয়া চাংমাই কয় মেঘালয় যিহেতু এখন মাতৃপ্ৰধান ৰাজ্য, সেয়েহে মহিলাৰ সৱলীকৰণৰ বাবে পৰম্পৰাগত হস্ততাত বস্ত্ৰশিল্পৰ উন্নয়ন সাধনৰ বাবে দক্ষতা বিকাশৰ বাবে কেতবোৰ আঁচনি গ্ৰহণ কৰা হব। ৰাজ্যৰ সচেতন ভোটাৰে এখন দুৰ্নীতিমুক্ত মেঘালয়ৰ লগতে ৰাজ্যখনৰ সর্বাংগীন বিকাশ – উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ সপক্ষে ভোটদান কৰিব আৰু মেঘালয়ৰ ইতিহাসত প্ৰথম বাৰৰ বাবে বিজেপিৰ নেতৃত্বত এইবাৰ চৰকাৰ গঠন হব বুলি ৰিয়া চাংমাই সাংবাদিকৰ আগত সদৰি কৰে। আনহাতে ৰাণীৰ পাছত ৰিয়া চাংমাই গুৱাহাটীৰ বশিষ্ঠৰ সমীপৰ নিজ ঘৰ মাইঘুলিৰ উপৰি পিলিংকাটা, লতাকটা, বৰপথাৰ আদিত সন্ধিয়াৰ ভাগত কেবাখনো সৰু সৰু পথসভা অনুষ্ঠিত কৰে।

Related Articles