Breaking

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0 1,695

আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসুস্থ সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছে পদ্মশ্ৰী বিৰুবালা ৰাভা।ইপিনে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ চিকিৎসাৰ বাবে সহায় হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে অমোঘ যুদ্ধ ঘোষণাৰে সমাজক সচেতন কৰাৰ বাবে পদ্মশ্ৰী বীৰুৱালা ৰাভাই নিৰলসভাৱে এক শক্তিশালী অভিযান চলাই আহিছে৷ ‘মিশ্যন বীৰুৱালাৰ’ জৰিয়তে তেখেতে বহু জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ মই আজি তেখেতৰ স্বাস্থ্যৰ বুজ ল’বলৈ গোৱালপাৰাস্থিত তেখেতৰ বাসগৃহত উপস্থিত হওঁ৷ আজি কিছুদিন ধৰি তেখেতৰ স্বাস্থ্য ভাল নহয়৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেখেতৰ উন্নত চিকিৎসাত সহায়ক হোৱাকৈ ১ লাখ টকাৰ এখন চেক প্ৰদান কৰোঁ৷ তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ, যাতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে তেখেতে পুনৰ অমোঘ সংগ্ৰাম চলাই যাবলৈ সক্ষম হয়৷“

মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিয়ে মন্ত্ৰী বিমল বৰা, ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপাৰা জিলাৰ বিধায়কসকলে।

Leave A Reply