Breaking

ঐতিহ্যমণ্ডিত মহামায়া মন্দিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

0 2,043

পোন প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে দুৰ্গাপূজা উপভোগ কৰিবলৈ উপস্হিত হ’ল কোকৰাঝাৰ জিলাৰ লগতে নামনি অসমৰ ধুবুৰী জিলা লৈ।  আজি দিনৰ ১-৪৫ মান বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই  পাণবাৰীস্থ বিএছএফ কেম্পৰ হেলিপেডত হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে বিটিআৰৰ  কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰত বিশেষ পূজা আগবঢ়ায়। পিছত মন্দিৰত দুপৰীয়া প্ৰসাদ গ্ৰহণ কৰে। তাৰ পাছত ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজবাৰীৰ মাটিয়াবগস্থিত হাওয়া খানা পৰিদৰ্শন কৰাৰ লগতে গৌৰীপুৰ, ধুবুৰীৰ বিভিন্ন পূজা মণ্ডপত অংশ গ্ৰহণ কৰে। মুখ্যমুন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে পঞ্চায়ত ও গ্ৰামোন্নয়ণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰৰ চিফ প্ৰমোদ বড়োৱে ।              

Leave A Reply