Breaking

সীমা সমস্যাক লৈ প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

0 2,054

 ৰাজ্যৰ বিজেপি সাংসদসকলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ অসম–মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্রদেশৰ সৈতে থকা সীমা বিবাদৰ প্রসংগও মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ সন্মুখত উত্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে আন্তঃৰাজ্যিক সীমা বিবাদক লৈ প্রধানমন্ত্রী মোদীৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই কালি বিয়লিৰ ভাগত দিল্লী আহি পাইছিল৷

শনিবাৰে দিল্লীৰ বসন্তকুঞ্জত থকা নিজা বাসভৱনত নিশা যাপন কৰাৰ পাছত দেওবাৰে পুৱাৰ ভাগত অসম হাউছত আহি পায় মুখ্যমন্ত্রী ড০ শর্মা৷ অসম হাউছত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ বিজেপি সাংসদসকলৰ সৈতে কেইবাঘণ্টা ধৰি আলোচনাত মিলিত হয়৷ দলৰ সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, পল্লৱলোচন দাস, তপন গগৈ, কুইন ওজা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাক আছাম হাউছত থকা মুখ্যমন্ত্রীৰ কোঠাত প্রৱেশ কৰা পৰিলক্ষিত হৈছিল৷ জানিব পৰা মতে, আজি প্রধানমন্ত্রী মোদীৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত মিলিত হ’ব৷ তদুপৰি আন কেইবাজনো কেন্দ্রীয় মন্ত্রীক মুখ্যমন্ত্রী ড০ শর্মাই সাক্ষাৎ কৰাৰ কথা৷

Leave A Reply