Breaking

বকোত এজ্যোৰ পাৱাৰ কোম্পানী শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

0 35

সৌৰ শক্তি চালিত যন্ত্ৰৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰি বিদ্যুৎ সম্প্ৰসাৰণ কৰা দেশৰ সৰ্ব বৃহৎ কোম্পানী “এজ্যোৰ পাৱাৰ ” কোম্পানীৰ উদ্যোগত নিৰ্মান কৰা সু বৃহৎ প্ৰকল্প এটা আজি ৰাজ্যৰ মূখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰে।

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত মাকেলী পথাৰত নিৰ্মাণ কৰা ব্যয়বহুল প্ৰকল্পটো আজি আনুষ্ঠানিক ভাৱে মূখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰে। ইফালে আজি শক্তি উৎপাদন কৰা প্ৰকল্পটোৰ মূখ্য পৰিচালন সঞ্চালক হৰ্ষ স্বাহে জনোৱা মতে ; বকোৰ প্ৰকল্পটোৰ জৰিয়তে ২৫ মেগাৱাট শক্তি উৎপাদন কৰা হ’ব আৰু অসমৰ জনসাধাৰণক ৰাজ্য চৰকাৰৰ জৰিয়তে বিদ্যুৎ যোগান ধৰা হ’ব।

আজি মূখ্যমন্ত্ৰীৰ জৰিয়তে সৌৰ শক্তি উৎপাদক প্ৰকল্প উদ্ধোধন কৰা অনুস্থানত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ; ইউ জি ব্ৰহ্ম ; নন্দিতা গাৰ্লোছা ; বিধায়ক হেমাংগ ঠাকুৰীয়া ; ৰেকিবুদ্দিন আহমেদ ; নন্দিতা দাস ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে। ইফালে কোম্পানীৰ কৰ্মী অখিলেশ সিঙে জনোৱা মতে বিদ্যুৎ পাৱাৰ কোম্পানীৰ প্ৰকল্পটোৰ বহু শীৰ্ষ বিষয়া কৰ্মচাৰীৰ সহযোগত আজিৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

Leave A Reply