Breaking

২২ৰ পৰা ৩০ বছৰৰ ভিতৰত বিয়া পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

0 52

আপোনাৰ সন্তানৰ বয়স কিমান হৈছে। যদি আপোনাৰ সন্তানে ২২ বছৰ বয়সত ভৰি দিছে তেনেহলে বিয়া পতাৰ বিষয়ে চিন্তা কৰক।

এই পৰামৰ্শ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি ড° শৰ্মাই এক অনুষ্ঠানত নিজৰ ভাষন প্ৰদান কৰি বাল্য বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্হা গ্ৰহন কৰা বুলি উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই সেইবুলি পলমকৈ বিবাহ পতাৰ ক্ষেত্ৰতো নিজৰ মত প্ৰকাশ কৰি ২২ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত বিবাহ কাৰ্য্য সমাপন কৰাত গুৰুত্ব দিয়ে।

তেও পলমকৈ বিবাহ কৰিলে সতি-সন্ততি জন্ম হোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় বুলি উল্লেখ কৰি সৃষ্টিকৰ্তাই মানুহক এনেদৰে সৃষ্টি কৰা বুলি মন্তব্য কৰে।

ড° শৰ্মাই বিয়াৰ উপযুক্ত সময়ত সাংসাৰিক জীৱন আৰম্ভ কৰি সতি সন্ততি জন্ম দিব লাগে বুলিও মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক চিকিৎসক সকলেও সমৰ্থন কৰি কয় যে বয়স বেছি হ’লে সন্তান জন্ম দিয়া, গৰ্ভধাৰণ কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হয়।

চিকিৎসক মহলেও উপযুক্ত বয়সত বিবাহ পাশত আবদ্ধ হোৱা পতি পত্নীৰ বাবেই মংগলদায়ক বুলি মত পোষন কৰে।

Leave A Reply